অন্ধবিশ্বাস আৰু বিজ্ঞান

দীনেশ চন্দ্ৰ কলিতা খণ্ড সমল ব্যক্তি, হাজো
Dinesh Chandra Kalita

তেতিয়া প্ৰায় নিশা দুইমান বাজিছে , নিৰ্জন নিতাল পৰিৱেশ,  হঠাৎ হুলস্থুল লাগিল । বট গছৰ(Banyan tree) তলত হেনো ভূত ওলাইছে ! গছজোপাৰ তলত শুই থকা ৪-৫ জনৰ কাৰোবাৰ ডিঙিত, কাৰোবাৰ বুকুত হেছি ধৰিছে .....।  জেঠ মহীয়া গৰমৰ দিন, নিশা পহৰাৰ দায়িত্বত থকা গাওঁৰক্ষী বাহিনীৰ জোৱান কেইজনে চুবুৰিটোত কেইবা পাক মান ঘুৰি বাটৰ দাঁতিতে থকা প্ৰকাণ্ড বট গছজোপাৰ তলত জিৰণি লওঁতে টোপনি আহিল আৰু আটাইকেইজনে শুই পৰিল । সপোনত তেওঁলোকে দেখিলে যে তেওঁলোকৰ কাৰোবাৰ  ডিঙিত চেপি ধৰিছে কাৰোবাৰ বুকুত হেছি ধৰিছে আৰু তেওঁলোকৰ উশাহ ল’ব নোৱাৰা অৱস্থা; সাৰপাই চিঞৰ বা বাখৰ কৰি আটাইকেইজনে ঘৰলৈ দৌৰ দিলে । সেই দিনাৰ পৰা নিশা বট গছজোপাৰ তললৈ মানুহ যোৱাৰ কাৰণে ভয় কৰা হ’ল আৰু বিভিন্ন উৰা বাতৰিৰ ফলত  ঠাইখিনিৰ পৰিবেশ  জয়াল হৈ পৰিল।
জেউতি – দেউতা, এই ৰাতিখন কলৈ যোৱা, বট গছডালৰ ফালে নাযাব দেই !
দেউতা – কিয়, ঐ মাজনী ?
জেউতি- তাত বোলে ভূত ওলায় ডিঙিত চেপি ধৰে !
দেউতা- হয় নেকি ? মইতো আজিলৈ ভূত দেখা নাই ! ভয়য়েই ভূত নেকি ?
জিজ্ঞাস- নহয় দেউতা, ককাই কৈছে, খুৰাইও কৈছে তেওঁলোকে হেনো সঁচাকৈয়ে ভূত দেখিছে  ।
দেউতা- নহয় ঐ , এইবোৰ একো একোটা অন্ধবিশ্বাস ।
জিজ্ঞাস – অন্ধবিশ্বাস নো কি ঐ দেউতা ,অন্ধ মানুহে কৰা বিশ্বাস নেকি ?
দেউতা-  নহয় ঐ, অন্ধৰ বিশ্বাস নহয় অন্ধবিশ্বাস, যিবোৰ বিশ্বাস বা ধাৰণা  যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক ,ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস । যেনে- ডাইনী হত্যা , ভুত-প্ৰেত ইত্যাদিৰ ওপৰত বিশ্বাস ..........। এতিয়া  বৰগছজোপাৰ প্ৰকৃত ভূতটোৰ বিষয়ে কওঁ শুনা ।তোমালোকে বিজ্ঞানত পাইছানে যে গছ-গছনিবোৰেও  উশাহ-নিশাহ লয় আৰু উশাহত অক্সিজেন  গ্ৰহণ কৰি কাৰ্বন-ডাই-অক্সাইড  এৰি দিয়ে ?
জিজ্ঞাস- নহয়, দেউতা গছে কাৰ্বন-ডাই- অক্সাইড গ্ৰহণ কৰি অক্সিজেনহে এৰি দিয়ে ।
দেউতা- সেইটোও হয় । আচলতে উদ্ভিদে সালোক সংশ্লেষণ(Photosynthesis)ত কাৰ্বন-ডাই-অক্সাইড(Carbon dioxide) গ্ৰহণ কৰি শিপাৰ জৰিয়তে পোৱা পানী লৈ সূৰ্য্যৰ পৰা পোৱা পোহৰৰ সহায়ত পাতত আহাৰ প্ৰস্তুত কৰে আৰু ইয়াৰ লগতে  উত্পাদন হোৱা অক্সিজেন বায়ুলৈ এৰি দিয়ে । কিন্তু গছডালো এবিধ জীৱহে সেয়ে সিহঁতে জীয়াই থাকিবৰ বাবে উশাহ নিশাহো লয় । তোমাৰ কিতাপত এইখিনিও পাবা ভালদৰে পঢ়ি ল’বা ।
জেউতি – হয়, দেউতা মই কিতাপত উদ্ভিদৰ শ্বসন(Respiration)ৰ বিষয়ে পাইছোঁ ।ভাইটিয়েই, কিতাপ মনোযোগেৰে নপঢ়ে !
দেউতা–  তোমালোকে নিশ্চয় জানা যে সালোক-সংশ্লেষণৰ কাৰনে সূৰ্য্যৰ পোহৰৰ আৱশ্যক সেয়েহে ৰাতি সালোক-সংশ্লেষণ নহয় আৰু অক্সিজেনৰ উত্পাদনো বন্ধ হয় । কিন্তু অন্য জীৱৰ দৰে গছডালৰ উশাহ-নিশাহ চলি থাকে আৰু প্ৰকাণ্ড গছডালৰ উশাহ- নিশাহৰ কাৰনে অক্সিজেনৰ পৰিমাণো কমি গৈ থাকে আৰু নিশাৰ পিছফালে গছডালৰ তলত অক্সিজেনৰ অভাৱ হয় ।
জিজ্ঞাস – উদ্ভিদৰ সালোক-সংশ্লেষণ আৰু শ্বসনৰ লগত ভূতৰ কি সম্পৰ্ক,দেউতা ?
দেউতা– সম্পৰ্কে আছে , কওঁ শুনা  | যেতিয়া ৰাতি হৈছিল বট গছজোপাৰ তলতো অক্সিজেনৰ অভাৱ হৈছিল আৰু সেয়েহে শুই থকা মানুহ কেইজনে উশাহ নিশাহত কষ্ট পায় ভূতৰ উপস্থিতি অনুভৱ কৰিছিল ।
জেউতি- দেউতা, তেওঁলোকে ভূতৰ সপোন কিয় দেখিছিল  ?
দেউতা – তোমালোকে কেতিয়াবা অনুভৱ  কৰিছানে যেতিয়া বুকত হাতখন থৈ আমি শুই থাকো আমি প্ৰায়ে কোনোবাই আমাক বুকুত হেঁচামাৰি ধৰা নাইবা ডিঙিত চেপি ধৰা কাৰনে উশাহ নিশাহ ল’ব নোৱাৰা হোৱাৰ সপোন দেখোঁ আৰু ঠিক তেনেদৰে ভৰি দুখন যেতিয়া কোচ খুৱাই শুই থাকো সপোনত কিবা জন্তু বা ভূতৰ পৰা পলাওঁতে বাৰে মুখ ঠেকাছা খাই পৰো আৰু পলাব বিচাৰিলেও পলাবলৈ অসমৰ্থ হওঁ ; হাতখন কোচ খাই থাকিলেও আমি সপোনত শক্ৰ পক্ষৰ আক্ৰমণ ৰোধ নাইবা অন্যক আক্ৰমণ কৰিবলৈ অসুবিধা পাওঁ । এনেদৰে শুই থকাৰ ভঙ্গি নাইবা শোৱা ঠাইৰ পৰিবেশৰ বা অতীতৰ কিছুমান অভিজ্ঞতাৰ স্মৃতি বিকৃত ৰূপত আমাৰ সপোনত প্ৰতিফলিত হোৱা দেখা যায় । ঠিক তেনেকৈ গছৰ তলত শুই থকা মানুহ কেইজনৰো একে অৱস্থাই হৈছিল । যেতিয়া পিছ ৰাতি গছডালৰ  তলত অক্সিজেনৰ অভাৱ হৈছিল মানুহ কেইজনে উশাহ লোৱাত কষ্ট পাইছিল আৰু সেই খিনিয়ে আমাৰ সপোনত ভুত বা অশৰীৰী আত্মাৰ প্ৰতীকী ৰূপত প্ৰতিফলিত হৈছিল  যাৰ ফলত বিভিন্নজনে বিভিন্ন সপোন দেখিছিল যদিও সকলোৱে বুকত বা ডিঙিত হেঁচি ধৰি উশাহ ল’ব নোৱাৰা হোৱাৰ সপোন দেখিছিল ।
জিজ্ঞাস – অ’ মানুহ কেইজনে মিছাতে ভূতৰ ভয় খাইছিল !
জেউতি- কিন্তু দেউতা খুৰাই বোলে ‘আলা বৈ’ পাহাৰৰ দাঁতিত থকা পিটনিৰ ওচৰত নিশা গৰু বিচাৰি যাওঁতে নিজে নিজে জুই জ্বলি উঠা দেখিছিল  আৰু জুইখিনিয়ে দৌৰোঁতে হেনো খেদিও আহিছিল !
দেউতা – ঐ সেই জুই ভূতটো(আধা-মূৰী ভূত) ! তোমালোকে বিজ্ঞানৰ কিতাপত পাইছাই দেখোন “ধন-গুলৈৰ(Jack-o’-lantern)” কথা । এয়া এবিধ “মিথেন (Mithen)” বা মাৰ্ছ(Marsh) বা ফ’ছফিন(Phosphin) নামৰ গেছৰ জ্বলনৰ কাৰণে হয় । সচৰাচৰ মৰা জীৱ জন্তু পেলোৱা ঠাইত মৰা জীৱ জন্তুবোৰে গেলি-পচি এই গেছটোৰ উত্পত্তি হয় আৰু বায়ুৰ লগত সংস্পৰ্শলৈ আহিলে/ মিহলি হলেই জ্বলি উঠে আৰু এই গেছটো পাতল হোৱাৰ কাৰনে বতাহ বলিলেই বা সেই ঠাইৰ পৰা কোনোবা আঁতৰি গলে জুই কুৰাই খেদি যোৱা যেন লাগে ।
জিজ্ঞাস- অহ ! মিথেন গেছ জ্বলা কাৰণেহে খুৰাই জুই ভূতটো( আধা-মূৰী ভূত) দেখিছিল দৌৰা কাৰণেহে পিছে পিছে খেদি অহা যেন লাগিছিল !  
দেউতা – এনেদৰে আমি সন্মুখীন হোৱা ঘটনা পৰিঘটনাবোৰৰ বিষয়ে নজনা কাৰণে মানুহৰ মাজত ভুত বা আন অন্ধবিশ্বাসৰ জন্ম হয়  আৰু মানুহে  ভয় খায় কিছুমান নকৰিবলগীয়া কাম কৰি সমাজত অশান্ত,অস্থিৰ , উদ্বেগপূৰ্ণ বা ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।
জিজ্ঞাস‌‌‌- তেনেহ’লে আমি কিবা অদ্ভুত বস্তু বা পৰিঘটনা দেখিলে বিজ্ঞানৰ কিতাপৰ সহায়ত কাৰণ জানিব পাৰিম ! দেউতা- নিশ্চয় ! কিন্তু মনোযোগেৰে অধ্যয়ন কৰিলেহে  !