সময়ৰ শৰ

জেপুলিন দাস সহ: শিক্ষয়িত্ৰী, সাতপখলী মজলীয়া বিদ্যালয়, ৰামপুৰ শিক্ষাখণ্ড
Jepulin Das

 

"ৰীনা উঠা আৰু কিমান শোৱা" মাকে কোঠালীলৈ সোমাই আহি ৰীনাৰ গাৰ পৰা কম্বলখন আঁতৰাই তাইক জগাবলৈ খুজিলে।
" অ' মা শুবলৈ দিয়া না। আজি ৰবিবাৰ।" গালৈ পুনৰ কম্বলখন টানি ৰীনা শুই পৰিলে ।
" নটা বাজিলে, হাতমুখ ধুই অলপ পঢ়িবলৈ বহা । তোমাৰ পৰীক্ষালৈ আৰু কেইদিননো আছে! সময়ত পঢ়া-শুনা কৰিলেহে পৰীক্ষাত ভাল কৰিবা।"
"পৰীক্ষা লৈ আৰু বহু দিন আছে, মই পঢ়ি লম, এতিয়া অলপ শুবলৈ দিয়া।" কৈ ৰীনা শুই পৰিল।
আবেলি লগৰীয়াৰ লগত পার্কত খেলিবলৈ গৈ দেখে লগৰীয়াবোৰ তেনেকৈ কোনো অহা নাই। "কিনো হ'ল আজি সিহঁতৰ!", ৰীনাই মনতে ভাবিলে। তেনেতে ৰিমলী আহিলে। "অ' ৰিমলী... বাকীকেইজনী কলৈ গ’ল? ইমান দেৰি আহি পোৱা নাই যে?"
"সিহঁতে বোলে এইকেইদিন খেলিবলৈ নাহে। পৰীক্ষা আহি আছে যে। "
" ইস্! পৰীক্ষালৈ এতিয়াও বহু দিন বাকী আছে । তাৰবাবে এতিয়াৰ পৰাই নেখেলিম নে? আহা আমি লুকাভাকো খেলোঁ । "
"মই পিছে আজি বেছি দেৰি নেখেলোঁ । দেৰি কৰিলে মাই খং কৰিব। মোৰ পঢ়িবলৈ ঢেৰ বাকী আছে। তোমাৰ পঢ়া হ’ল নে পৰীক্ষালৈ?"
"পঢ়িম পিছত, এতিয়াও বহু দিন আছে।"
অকণমান দেৰি খেলাৰ পিছত ৰিমলী যাবলৈ ওলাল।
"আৰু অকণমান দেৰি খেলোঁ আহা । "
"নাই, নাই, মাই খং কৰিব। মই যাওঁ। পঢ়িবলৈও আছে। পিছত আকৌ লগ পাম, বাই,বাই...।"
" ইস্! সকলোৰে মুখত কেৱল পঢ়াৰে কথা। মই কিন্তু আৰু অলপ খেলিম।"
ঘৰ গৈ পোৱাৰ লগে-লগে মাকে ৰীনাক দুৱাৰ মুখতে ধৰিলে-"ইমান দেৰিলৈ খেলি আছিলা যে, তোমাৰ স্কুলৰ হ’মৱৰ্ক কৰা হৈছে নে?"
"তোমালোকে কেৱল পঢ়া-পঢ়া কৈ থকা। ৰাতিপুৱা কৰিম। এতিয়া খুব ভাগৰ লাগিছে। " উচা মাৰি ৰীনা কোঠালিত সোমাই দুৱাৰ মাৰি বিচনাত বাগৰি পৰিল। তেনেকৈ তাই টোপনিত লালকাল দিলে।
ৰাতিপুৱা সাৰ পাই দেখিলে " ইছ ৰাম! ইমান দেৰি হল!" লৰালৰিকৈ তাই স্কুললৈ বুলি ওলালে। তেনেতে তাইৰ মনত পৰিলে ,তাইৰচোন ’মৱৰ্ক খিনিও কৰা হোৱা নাই। হ’মৱৰ্ক নকৰাকৈ গলে মিচে্ তাইক খং কৰিব। স্কুললৈ যাবলৈ তাইৰ একদম মন নোহোৱা হল। কিন্তু স্কুললৈ নগলে যে মাকে তাইক সুদাই নেৰে। কি কৰিব এতিয়া তাই!
এখোজ-দুখোজ কৈ তাই স্কুলৰ সলনি পার্ক পালেগৈ। পার্কত তেতিয়া কোনো নাই। তাইৰ বৰ আমনি লাগিল । তাইৰ খেলিবলৈ বৰ মন গল। কিন্তু খেলে কাৰ লগত। মূৰটো ঘূৰাই ইপিনে-সিপিনে চাই তাই অকণমানি কেৰ্কেটুৱা এটাক গছৰ ডালত ইফাল-সিফাল কৰি থকা দেখিলে।
" অ' কেৰ্কেটুৱা, অ' কেৰ্কেটুৱা মোৰ লগত খেলিবা?"
"নাই, নাই মোৰ এতিয়া কামৰ সময়, খেলিবলৈ সময় নাই।"
"কিনো ইমান কাম তোমাৰ?"
"মই জাৰকালিলৈ খাদ্য গোটেই থব লাগে।"
"জাৰকালিলৈটো এতিয়াও বহুদিন আছে । তুমি পিছে-পৰে গোটালেও হব। আহা আমি খেলো।"
" এতিয়া কামৰ সময়। সময়ৰ কাম সময়ত কৰিব লাগে। তোমাৰ একো কাম নাই নেকি?"
"আছে, মোৰ পৰীক্ষা লৈ পঢ়িব আছে। কিন্তু সেয়া পিছতো কৰিব পাৰিম। ইমান ধুনীয়া দিনত অলপ খেলোঁ আহা।"
"মই এতিয়া খেলিব নোৱাৰিম, বেয়া নাপাবা।", কৈ কেৰ্কেটুৱা কামত লাগিল।
আমন-জিমন কৈ ৰীনা গৈ পার্কৰ বেঞ্চখনত বহি পৰিলে। দেখিলে সৰু-সৰু পৰুৱা বোৰে শাৰী পাতি গাঁতৰ পৰা ওলাই কেনিবা গৈ আছে।
"অ' অকমানি পৰুৱা, অ' অকমানি পৰুৱা মোৰ লগত খেলিবানে?"
" নাই নাই আমাৰ এতিয়া খেলিবলৈ অকনো সময় নাই।"
"কিয়, কিনো কৰিছা তোমালোকে?"
"আমি জাৰকালিলৈ খোৱা বস্তু গোটাইছোঁ ।"
"ইমান ধুনীয়া দিনটো কাম কৰি কিয় নষ্ট কৰিছা? বলা আমি খেলোঁগৈ? কাম পিছতো কৰিব পাৰিবা।"
"আমি কাম শেষ কৰিহে তোমাৰ লগত খেলিব পাৰিম। এতিয়া খেলি সময় নষ্ট কৰিলে আমি জাৰকালিলৈ যথেষ্ট খাদ্য গোটাব নোৱাৰিম। বেয়া নাপাবা, " বুলি কৈ পৰুৱাবোৰ কামত লাগিল।
" কি মূৰ্খ ইহঁত। ইমান ধুনীয়া দিনটো কোনোবাই কাম কৰি নষ্ট কৰে নে? জাৰকালিলৈ আৰু বহু দিন আছে।"
তেনেতে মৌমাখি এটা উৰি আহি ফুল এটিত পৰিলেহি।
"বাহ! মৌমাখি। তাৰ লগতেই খেলা যাওঁক।"
"অ' মৌমাখি, অ' মৌমাখি মোৰ লগত খেলিবা? "
মৌমাখিটোৱে বেকা কৈ ৰীনাৰ পিনে চাই কলে ," এই কামৰ সময়ত তোমাৰ লগত খেলিবলৈ মোৰ সময় নাই। এতিয়া মোৰ মৌজোল গোটোৱাৰ সময়। "
"ইমান ধুনীয়া ৰ’দজাক উঠিছে তোমাৰ খেলিবলৈ মন যোৱা নাই নে?"
"এতিয়া খেলি থাকিলে মই জাৰকালিলৈ মৌ বাঁহটো মৌজোলেৰে কেনেকৈ ভৰাই তুলিম? তেতিয়া এটাও ফুল নাথাকিব। মই কি খাম? বিপদত নপৰিমনে? আৰু এনেকুৱা ৰ'দাল দিনবোৰ মৌ গোটাবলৈ ভাল। ফুলবোৰ এনেকুৱা দিনতহে ফুলে। মোৰ কাম শেষ হলে তোমাৰ লগত খেলিম দেই।"
"ইহঁতবোৰ ইমান মূৰ্খ। কোনেও ফুৰ্তি কৰিব নাজানে।"
মনে-মনে ভোৰভোৰাই মন মাৰি তাই বেঞ্চ এখনতে শুই পৰিল।
পৰীক্ষাৰ  দিন চমু চাপিলে। কিন্তু ৰীনাৰ যে একো পঢ়া হোৱা নাই। কি কৰিব এতিয়া তাই! পঢ়া টেবুলত বহি  তাই উচুপিবলৈ ধৰিলে । তেনেতে মাকে আহি তাইক হেঁচুকী মাতিলে ,"ৰীনা ,কিয় কান্দি আছা? ভাত খাবাহি আহা।" খক-মক কৈ সাৰ পাই ৰীনাই দেখিলে তাই খেলি আহি বিচনাত পৰি টোপনিত সপোন দেখিছিলে ।
"ও ৰক্ষা। এয়া সপোন হে আছিল। কিন্তু সপোনৰ কেৰ্কেটুৱা, পৰুৱা আৰু মৌমাখি জনীয়ে ঠিকে কৈছিল। সময়ৰ কাম সময়ত নকৰিলে বহু বিপদত পৰিব লাগে। মই শিক্ষা পালো। এতিয়াৰ পৰা মই সকলো কাম সময় মতে কৰিম।"

HH