শিক্ষকতাৰ লগত জড়িত কিছুমান পৰিঘটনা আৰু মোৰ অভিজ্ঞতা

পূৰবী তালুকদাৰ সহঃ শিক্ষয়িত্ৰী, বাখালাপাৰা বাটাবাৰী মধ্য ইংৰাজী বিদ্যালয়, ৰাণী শিক্ষাখণ্ড,কামৰূপ
purabi talukdar

মই এগৰাকী শিক্ষক। ৰাণী শিক্ষাখণ্ডৰ অন্তৰ্গত মই শিক্ষকতা কৰা বিদ্যালয় খন হ'ল "বাখালাপাৰা বাটাবাৰী মধ্য ইংৰাজী বিদ্যালয়"।

 যথেষ্ট দুৰ্গম অঞ্চলত অৱস্থিত বিদ্যালয়খনলৈ যোৱাৰ বাবে মূল পথৰ পৰা কোনো ধৰণৰ ৰাজহুৱা যাতায়াতৰ ব্যৱস্থা নাই।স্থানীয় প্ৰায়ভাগ লোকে খোজকাঢ়িয়েই অহা যোৱা কৰে।পথছোৱাত তিনি খন পাহাৰ পাৰ হৈ যাব লাগে‌। মেঘালয় আৰু অসমৰ সীমান্তৱৰ্তী এই অঞ্চলটো প্ৰাকৃতিকভাবে অতি মনোমোহা। চাৰিওফালে সেউজীয়া আৰু মাথোঁ সেউজীয়া। বাখালাপাৰা,জিমিৰিগাও,কুণ্ডিল নগল আৰু লু্ংখুং এই চাৰিখন গাওঁৰে সামৰি অঞ্চলটো অতি কম জনবসতিপূৰ্ণ। অঞ্চলটো মেঘালয়ৰ খাচী পাহাৰমালাৰ দাতিত লাগি আছে। মেঘালয়ৰ অধীনতো তিনিখন মধ্য ইংৰাজী বিদ্যালয় ইয়াতে স্থাপন কৰা আছে।সেয়েহে আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্রীৰ সংখ্যা যথেষ্ট তাকৰ। বৰ্তমানো আধুনিকতাৰ কোনো ধৰণৰ সা-সুবিধা নথকা অঞ্চলটোত কোনো ম'বাইল নেটৱৰ্ক নাই।বৰ্হিজগতৰ পৰা সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন এই গাওঁ চাৰিখন।

    এই ছেগতে ইমান দুৰ্গম গাওঁখনত শিক্ষাৰ পোহৰ বিলাবলৈ যিসকল ব্যক্তিৰ অশেষ কষ্টৰ ফলত বিদ্যালয় খন স্থাপন হল,তেখেত সকলক মই প্ৰণাম জনাইছোঁ।  ইং ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত মই এই বিদ্যালয় খনত প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিলো । যোগদান কৰাৰ দিন ধৰি বিদ্যালয় খনত বিভিন্ন সমস্যা তথা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছো। তেনে এটা প্ৰত্যাহ্বান হৈছিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী  দুজনীক লৈ। দুয়োজনী ছাত্ৰীৰে শ্ৰেণী কোঠাত বা বিদ্যালয়ত ব্যৱহাৰ আন ছাত্ৰ-ছাত্ৰীতকৈ বেলেগ আছিল।সিহঁত অন্য ল'ৰা ছোৱালীৰ দৰে নহয়। দুয়োজনী সদায় একেলগে আছিল, বিদ্যালয়লৈ একেলগে অহা-যোৱা কৰিছিল‌।কাৰো লগত কথা পতা নাছিল। শিক্ষকে সোধা কোনো কথাৰে সহাৰিও দিয়া নাছিল । কোনোবা শিক্ষকে যদি বাৰে বাৰে কিবা সোধে তেন্তে খুউব খঙৰ চাৱনিৰে চাইছিল।

    মই যোগদান কৰাৰ কিছুদিন পিছতে মই সিহঁত দুয়োজনীক লক্ষ্য কৰিলো আৰু এই কথাখিনি গম পালো।সিহঁত দুয়োজনী পঢ়াৰ ক্ষেত্ৰতো একেবাৰে বেয়া আছিল। অসমীয়া আখৰ বোৰো ভালকৈ চিনি পোৱা নাছিল।

        পোণপ্ৰথমে মই দুয়োজনীৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবৰ চেষ্টা কৰিলো।ঘৰত কি কি কাম কৰে, কি কাম কৰি ভাল লাগে, কি খায় ভাল পায় ইত্যাদি ইত্যাদি।দেখিলো দুয়োজনী মোৰ লগত কিছু সহজ হব ধৰিছে।দুয়োজনীৰ বিষয়ে ভালকৈ জনাৰ বাবে মই তেওঁলোকৰ অভিভাৱকক এদিন বিদ্যালয়লৈ মাতি আনি কথা পাতিলো।অভিভাৱক সকলৰ লগত কথা পাতি গম পালো যে দুয়োজনীয়ে ঘৰত দৈনিক পঢ়া-শুনা কৰে।চেষ্টা খুউব কৰে‌।কিন্তু  মনত ৰাখিব নোৱাৰে।এইখিনি জনাৰ পিছত মোৰ মনলৈ আহিল যে মই  দুয়োজনীক আগুৱাই  নিবই লাগিব,পঢ়িব পৰা কৰিবই লাগিব।

মই নিতৌ দুয়োজনীৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰা আৰম্ভ কৰিলো।ইয়াৰে প্ৰথমটো আছিল-তাহাতক প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পৰা পঢ়োৱা আৰম্ভ কৰিলো।বিভিন্ন কাৰ্ডৰ সহায়ত বৰ্ণ পৰিচয় কৰালো।বিভিন্ন চাৰ্টৰ সহায়ত ফল-ফুল,শাক-পাচলি ৰ সৈতে পৰিচয় কৰালো।লাহে লাহে গৃহকাৰ্যত বিভিন্ন ধৰণৰ শব্দৰ কাৰ্ড তৈয়াৰ কৰিব দিলো।ছন্দ যুক্ত প্ৰাথমিক পৰ্যায়ৰ কবিতাবোৰ মুখস্থ কৰিব দিলো।আৰু অলপ আগুৱাই গৈ সাধুকথা তথা সৰু সৰু গল্পবোৰৰ সকলো ছাত্ৰ-ছাত্ৰীকে চৰিত্ৰ ৰূপায়ণৰদ্বাৰা পাঠ কৰালো।চৰিত্ৰৰ সংলাপ বোৰ নিজৰ ভাষাত আওৰাব দিলো।এনেদৰে সিহঁতক পঢ়াৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ লগতে আত্মবিশ্বাস বঢ়োৱাৰ বাবে দুয়োজনীকে ছাত্র সদনৰ সদস্য বনোৱাৰ লগতে সকলোতে দুয়োজনীক আগবঢ়াই দিও আৰু প্ৰশংসাও কৰো।মানসিক উৎকৰ্ষ সাধনৰ বাবেও সকলো ছাত্র-ছাত্ৰীকে সপ্তাহত এদিনকৈ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা শিকোৱা আৰম্ভ কৰিলো।যেনে-কাগজৰ, পেলনীয়া সামগ্ৰীৰ পৰা ফুল বনোৱা।ৰঙীন মেপ বনোৱা ইত্যাদি।
দৈনিক নতুন নতুন উপায়েৰে সিহঁতক বিদ্যালয়ত সক্ৰিয় ৰাখিবৰ চেষ্টা কৰিলো।

সেই সময়তে অসমত প্ৰথম বাৰ বিদ্যালয় সমূহত গুণোৎসব আৰম্ভ হৈছিল।আৰু মোৰ কাৰণে ভাল লগা খবৰটো হল গুণোৎসবত অসমীয়া পাঠপঢ়াত দুয়োজনীয়ে ৭০% শুদ্ধকৈ পঢ়িব পাৰিছিল।২০১৭ চনত আখৰ চিনি নোপোৱা ছোৱালী দুয়োজনীয়ে ২০১৮ চনত  পঢ়িব পৰাটো মোৰ কাৰণে সচাকৈয়ে ভাললগা মূৰ্হত হৈ পৰিছিল।২০১৮ চনৰ মাজভাগত আমাৰ ৰাণী শিক্ষাখণ্ডৰ CWSN ৰ সমলব্যক্তিদ্বয় ক্ৰমে জলি বাইদেউ আৰু সুব্ৰতা বাইদেউ আমাৰ বিদ্যালয়ত গৈ দুয়োজনীৰ লগত কথা পাতে লগতে মোৰ শিকণ প্ৰণালীসমূহো চায়।তেতিয়া বাইদেউহতে মোক কয় যে দুয়োজনী আচলতে Learning Disability Category ত পৰে।যাৰবাবে বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন।কিন্তু কোনো প্ৰশিক্ষণ নোহোৱাকৈ মই শিকোৱা শিকণ প্ৰণালী সমূহ সঠিক বুলি কয়।পৰবৰ্তী পৰ্যায়ত মোক এটা প্ৰশিক্ষণো দিয়া হৈছিল।

মই মাত্ৰ সিহত দুয়োজনীক ২বছৰ ৪মাহ পাইছিলোঁ।শেষলৈকে মই মোৰ চেষ্টা অব্যাহত ৰাখিছিলো।অষ্টম শ্ৰেণীৰ বিদায় লোৱাৰ দিনাখন দুয়োজনীয়ে সমূহ ছাত্ৰ-ছাত্ৰী,শিক্ষকবৃন্দ তথা সমাজৰ বৰমূৰীয়াসকলৰ সন্মুখত থিয় হৈ সকলোকে সম্বোধন কৰি দুশাৰী বক্তৃতা দিছিল।সেইয়া শুনি মই সচাকৈয়ে সুখী হৈছিলো। অনুভৱ হৈছিল শিক্ষয়ত্ৰী হিচাপে যেন মই এক শতাংশ হলেও সফল হব পাৰিছো।এয়াই মোৰ কাৰণে চৰম প্ৰাপ্তি। 

এয়া কোনো আত্মপ্ৰকাশৰ গাঠা নহয়।ই হৈছে শিক্ষক বা শিক্ষয়ত্ৰী হিচাবে  ছাত্র-ছাত্ৰীৰ অৰ্ন্তনিহিত মেধাক উদ্ধাৰৰ চেষ্টা বা তাহাতৰ মাজত থকা পঢ়াৰ ধাউতিক জগাই তোলাৰ আৰু আত্মবিশ্বাসী কৰি তোলাৰ এক সূক্ষ্ম প্ৰচেষ্টা। মই জানোঁ আমাৰ মাজত তেনে মহান শিক্ষক বহুতো আছে। আমি প্ৰতিগৰাকী শিক্ষকে নিজৰ পৰিশ্ৰমৰ মূল্য তেতিয়াহে পাম যেতিয়া আমাৰ কাৰণে কোনোবাৰ জ্ঞানৰ চকু মেলি খাই উঠি এজন সুসন্তান হিচাবে সমাজত থিয় হব পাৰে।