জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ "সংহত জৈৱিক পাম": এক চমু প্ৰতিবেদন

তৃপ্তি ময়ী তালুকদাৰ খণ্ড সমল ব্যক্তি, ৰামপুৰ শিক্ষাখণ্ড

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো এখন স্বকীয় বৈশিষ্ট্যৰে পৰিচিত মহাবিদ্যালয়। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৬০ কি. মি. দূৰত এক সুন্দৰ আৰু মনোমোহা প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত কলেজখন অঞ্চলটোৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। শৈক্ষিক উত্তৰণৰ দিশত বাটকটীয়া ৰূপে থিয় দিয়া মহাবিদ্যালয় খনে বৰ্তমান ছাত্র-ছাত্ৰীক পুঁথিগত জ্ঞানৰ লগতে পৰিচয় কৰাই দিছে বৃত্তিমূলক শিক্ষাৰো। মহাবিদ্যালয় খনৰ উন্নয়নৰ চিন্তা স্বৰূপে ৰবৰ খেতি, অমিতা, নেমু, কল আদিৰে সমৃদ্ধ চৌহদতে প্ৰস্তুত কৰিছে "সংহত জৈৱিক পাম"। এই 'জৈৱিক পাম'খনিৰ জৰিয়তে বিশেষকৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ , শিক্ষক শিক্ষয়িত্ৰী প্ৰমুখ্যে কলেজ খনৰ লগত জড়িত প্ৰতিগৰাকী সচেতন ব্যক্তি আৰু ছাত্র- ছাত্রীসকলৰ সামাজিক-অৰ্থনৈতিক মূল্যবোধৰ নিদর্শন পৰিলক্ষিত হৈছে। এইক্ষেত্রত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে Non Teaching stuff ৰ প্ৰতিজন সদস্যই পামখনি নিজৰ সন্তানৰ দৰে চোৱাচিতা কৰে বুলি গম পোৱা হ'ল। 'জৈৱিক পাম'খনিৰ সম্পূর্ণ দায়িত্ব অৰ্পণ কৰি ১৬ জনীয়া সদস্য সংখ্যাৰে এখন কমিটি গঠন কৰা দিয়া হৈছে যাৰ নাম দিয়া হৈছে " জৱাহৰলাল নেহৰু মহাবিদ্যালয় জৈৱিক সমবায় সমিতি "।

jnc1 jnc2 jnc3 jnc4 jnc5

কলেজখনৰ চৌহদত প্ৰায় ১২০০ জোপা লাগি থকা অমিতা গছ আছে। চৌহদৰ চাৰি বিঘা মাটিত প্ৰায় সাত- আঠমাহ আগত ১০০০ জোপা কলগছ ৰোপন কৰা হৈছে। বৰ্তমান কলগছ সমূহৰ থোক্ ওলাইছে। প্ৰায় ৩০০০ জোপা ৰবৰ গছৰ খেতিৰ লগতে হাজাৰ জোপা শাল আৰু চেগুন গছ বিৰাজমান হৈ আছে। ইতিমধ্যে ২বিঘা মাটিত তিলখেতি কৰা হৈছে যাৰ উৎপাদনো আশাব্যঞ্জক হোৱা বুলি কলেজ কৰ্তৃপক্ষই জনাইছে। উৎপাদিত তিলসমূহ বিক্রী কৰি লাভবান হোৱাৰ কথাও তেওঁলোকে সদৰী কৰিছে। তদুপৰি ১০০০ নেমু গছৰ ৰোপন আৰু প্ৰতিপালন কৰি থকা হৈছে। আনহাতে প্ৰতিটো খুটাত ৪ জোপাকৈ মুঠ ২৫ টা খুটাত ১০০ জোপা 'ড্ৰেগন্ ফ্ৰুট' ও ৰোপন কৰা সুন্দৰ দৃশ্য পৰিলক্ষিত হৈছে।

jnc6

 

মহাবিদ্যালয় খনৰ অধ্যক্ষ শ্ৰদ্ধাৰ তপন দত্ত ছাৰে দিয়া তথ্য অনুসৰি তেওঁ লোকে চৌহদৰ ভিতৰত প্ৰায় দুই/ তিনি বিঘা মাটি পৃথকভাবে সংৰক্ষণ কৰিছে য'ত ওচৰ পাজৰৰ স্থানীয় ফল-মূলৰ গছৰ লগতে ঔষধি গছ- গছনি সমূহ ছাত্র-ছাত্ৰীৰ জৰিয়তে ৰোপন কৰা পদক্ষেপ হাতত লৈছে। তপন দত্ত ছাৰে লগতে জনাইছে যে তেওঁ লোকে ইতিমধ্যে হাজাৰ হাজাৰ খন "ৰবৰ শ্বিট" উৎপাদন কৰি আছে য'ত একোখন ৰবৰ শ্বিটৰ বজাৰ মূল্য ২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত। গতিকে মহাবিদ্যালয় খনৰ চৌহদতে প্ৰকৃতাৰ্থত সম্পদৰ সংৰক্ষণ, নবীকৰণ আৰু সম্পদৰ সু-ব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে।
এই খিনিতে গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক শ্ৰদ্ধাৰ ডঃ যোগেন কলিতাদেৱে মহাবিদ্যালয় খন পৰিদৰ্শন কৰি লিখা টোকা এটাৰ কিয়দাংশ ইয়াত সন্নিবিষ্ট কৰা হ'ল--
"ডঃ ৰঞ্জিত বৰ্মন আৰু মই দুটা দুটা পকা অমিতা কিনি আনি ঘৰত তৃপ্তিৰে খালো। কি অপূৰ্ব পৰিৱেশ, DBT ⭐ College Scheme ত DBT Science ADDA  offer পোৱা নৰ্থ ইষ্ট ৰ এক মাত্ৰ কলেজ খন। একেবাৰে humble অধ্যাপক অধ্যাপিকা সকলৰ লগত হাজাৰ হাজাৰ অমায়িক ছাত্ৰ ছাত্ৰী সকল দেখি অভিভূত হৈছোঁ।  Swimming Pool, Gym Facilities, Stadium, হোষ্টেল, গেষ্ট House,  Student's  Canteen, মাছৰ পুখুৰী আদি সকলো বোৰ সুবিধা আছে কলেজ খনত। Star College Scheme ৰ টকাৰে Science ৰ lab বোৰ ও অত্যাধুনিক বৈজ্ঞানিক যন্ত্ৰ পাতি আৰু সা  সজুলিৰে সুসজ্জিত। College ৰ PhD guides সকলৰ Research Scholars সকলে আনন্দ মনে কাম কৰি থকা দেখি আপ্লুত হলো। IIT  Guwahati কে আদি কৰি দেশ বিদেশৰ বহু কেইখন HEI ৰ লগত Collaboration ৰ দিশটো কাম আৰম্ভ হৈছে। এনেকুৱা শিক্ষা অনুষ্ঠানক চৰকাৰে পুৰস্কৃত কৰিব লাগে যাতে আমাৰ অনান্য কলেজ সমূহেও ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয় দিবলৈ আগ বাঢ়ি আহে।"
মহাবিদ্যালয় খনৰ  এগৰাকী প্ৰাক্তন ছাত্রীৰ লগতে অঞ্চলবাসী হিছাপে 'জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো'ক লৈ গৌৰৱ অনুভৱ কৰো। অনাগত দিনত মহাবিদ্যালয় খনে শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে প্ৰাকৃতিক সম্পদ সমূহৰ সঠিক দিশত ব্যৱহাৰৰ যোগেদি সামাজিক তথা অৰ্থনৈতিক দিশত যে টনকিয়াল হৈ উঠিব সেই কথা নিশ্চিত। আন বহুতো শিক্ষানুষ্ঠানৰ বাটকটীয়া ৰূপে থিয় হৈ উঠক মৰমৰ কলেজ খন।
( সামগ্রিক তথ্যসমূহ সঠিকভাবে জনোৱাৰ বাবে মহাবিদ্যালযখনৰ অধ্যক্ষ শ্ৰদ্ধাৰ ড০ তপন দত্ত ছাৰ আৰু বৰ্তমানৰ উপাধ্যক্ষ শ্ৰদ্ধাৰ বিজয়া ডেকা বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো)।

                   "জয়তু জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো"।