কামৰূপ জিলাত প্ৰাক্ -প্ৰাথমিক শিক্ষাৰ বুনিয়াদ

সুৰভী দাস সহঃ শিক্ষয়িত্ৰী, ৫৮৪ নং টেঙাবাৰী নিঃ বুঃ বিদ্যালয়
surabhi das

শিশুৰ বিকাশ এক সৰ্বাঙ্গীন প্ৰক্ৰিয়া। এক নিৰ্দিষ্ট সময়ৰ বিকাশে শিশুৰ বাকীছোৱা জীৱনৰ ভেটি সুদৃঢ় কৰে। সেয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পূৰ্বে প্ৰাক্ - প্ৰাথমিক শিক্ষাৰ সময়চোৱাত শিশুৰ শাৰীৰিক, মানসিক আৰু ভাষিক তথা মনস্তাত্ত্বিক বিকাশৰ প্ৰতি বিশেষ ভাৱে গুৰুত্ব দিবলগীয়া হয়। প্ৰয়োজনীয় কৌশল সমুহ শিশুৱে শৈশৱৰ প্ৰথমাৱস্থাতেই প্ৰাপ্ত কৰে যিয়ে শিশুক প্ৰাপ্তবয়স্কতাৰ বাবে প্ৰস্তুত কৰি তোলে। প্ৰাক্- প্ৰাথমিক পৰ্যায়ৰ অভিজ্ঞতাই পিছৰ পৰ্যায়ৰ শিক্ষা আহৰণ আৰু চিন্তাধাৰাত বিশেষভাৱে প্ৰভাৱিত কৰে।

এনে এক মহান উদ্দেশ্য আগত ৰাখি প্ৰাথমিক শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা, কামৰূপৰ দ্বাৰা কামৰূপ জিলাৰ দহখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ক লৈ ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা এক 'পৰীক্ষামূলক অধ্যয়ন' আৰম্ভ কৰা হয়। দহখন বিদ্যালয় ক্ৰমে ৬২ নং আমিনগাওঁ প্ৰাথমিক বিদ্যালয়, আমিনগাওঁ বেংগলী প্ৰাথমিক বিদ্যালয়, ৫৮৪ নং টেঙাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়, মান্দাকাটা নদীৰপাৰ প্ৰাথমিক বিদ্যালয়, ৬৪ নং আলেকজাৰী প্ৰাথমিক বিদ্যালয়, চৌকি উচ্চ মাধ্যমিক বিদ্যালয়, শালমাৰা প্ৰাথমিক বিদ্যালয়, খোপনিকুছি প্ৰাথমিক বিদ্যালয়, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয় ৰ সমন্বয়ক সকল ক্ৰমে স্বপ্না তালুকদাৰ, তন্দ্ৰা দে, দ্বয়েল দাস গুপ্তা, সুৰভী দাস, ৰচিদা বেগম, দিগন্ত কলিতা, মামণি দাস, নিৰুপমা দেৱী, মণিৰাম ডেকা, পুৱালী শইকীয়া, কল্যাণী ডেকা, নমিতা লহকৰ আদিক লৈ চাৰিদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। এই প্ৰশিক্ষণৰ জৰিয়তে প্ৰাক্-প্ৰাথমিক পৰ্যায়ৰ শিশুসকলৰ শাৰীৰিক, মানসিক, আবেগিক, ভাষিক, সামাজিক, বৌদ্ধিক, সৃজনীমূলক বিকাশ আদিৰ বাবে অৱলম্বন কৰিবলগীয়া বিভিন্ন কৌশল সমুহৰ বিষয়ে প্ৰশিক্ষক সকলৰ দ্বাৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষিত কৰা হয় । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই প্ৰকল্পটো সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰতিজন সমন্বয়কে নিজৰ নিজৰ বিদ্যালয়ত শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে সকলো ধৰণৰ ক্ৰিয়াকলাপসমূহ যেনে- ওমলা গীত, ভংগীমা গীত, ছবি অঁকা, ৰং কৰা, ক'লাজ কৰা, পাজল, গুটি গণনা কৰা, নাচ, গান, নাটক, বিভিন্ন খেল-ধেমালী ইত্যাদিৰ দ্বাৰা শিশুসকলক প্ৰাক্-শৈক্ষিক ধাৰণা সমূহ দিয়া হয় , যাতে পৰৱৰ্তী পৰ্যায়ৰ শিক্ষা গ্ৰহণ সহজভাৱে আয়ত্ব কৰাত সমৰ্থ হয়।

এই সময়ছোৱাত প্ৰতিজন শিশুৰ তথ্য সংগ্ৰহ কৰি সুকীয়াকৈ পৰ্টফলিঅ' বনোৱা হয়। বিষয়বস্তুৰ ক্ৰিয়াকলাপ ভিত্তিক দৈনিক কাৰ্যতালিকা আৰু শিকনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি প্ৰতিজন শিশুৰ অবিৰত আৰু সামগ্ৰিক মূল্যায়ন কৰা হয় আৰু অভিলেখ ৰখা হয়। অগ্ৰগতিৰ খতিয়ানৰ বাবে ছয়মাহত আৰু বছৰৰ শেষত শিশুসকলৰ মাজত বিশেষ ব্যক্তিৰ উপস্থিতিত মুক্ত মূল্যায়ন অনুষ্ঠিত কৰা হয় আৰু শিশুৰ বিকাশৰ অগ্ৰগতিৰ খতিয়ান পত্ৰ প্ৰস্তুত কৰা হয়।

বৰ্ষৰ অন্তত শিশুসকলৰ বিকাশৰ দ্ৰুত অগ্ৰগতি পৰিলক্ষিত হয়। প্ৰশিক্ষক চুইটী বেজবৰুৱা (জিলা আঁচনি বিষয়া, কামৰূপ), মিতালী মহন্ত (প্ৰৱক্তা, ডায়েট, কামৰূপ), অজন্তা ডেকা (প্ৰশিক্ষক, অঙ্গনবাদী কৰ্মী প্ৰশিক্ষণ কেন্দ্ৰ-১), জ্বলি ভট্টাচাৰ্য (সমল ব্যক্তি, অন্তৰ্ভুক্ত শিক্ষা, ৰাণী শিক্ষাখণ্ড) আৰু সমন্বয়ক সকলৰ নিৰন্তৰ প্ৰচেষ্টাত এই প্ৰকল্পটোৰ সফল ৰূপায়ন হয়।

অভিজ্ঞতাই মানুহক অধিক অভিজ্ঞ কৰি তোলে। সেয়ে এই ক্ষেত্ৰত ময়ো কিমান অভিজ্ঞ হৈছো নাজানো, তথাপিও এই সময়ছোৱাত প্ৰাক্ - প্ৰাথমিক শিশুসকলৰ শৈক্ষিক দিশৰ বহুখিনি প্ৰয়োজনীয়তাৰ বিষয়ে জানিবলৈ সমৰ্থ হৈছো আৰু এনে শিক্ষাৰ বিদ্যালয় সমূহত বাৰুকৈয়ে প্ৰয়োজন আছে বুলি মই উপলব্ধি কৰিছো।

এই প্ৰকল্পটিয়ে সামৰা দহখন প্ৰাথমিক বিদ্যালয়ৰ শিশুৰ সমগ্ৰ ক্ৰিয়াকলাপসমূহ দৃশ্য-শ্ৰাৱ্য আকাৰে আৱদ্ধ কৰাৰ মানসেৰে চুইটী বেজবৰুৱা ( জিলা আঁচনি বিষয়া, কামৰূপ) ৰ পৰিচালনাত এখন তথ্যচিত্ৰ (Documentary) প্ৰস্তুত কৰি উলিওৱা হয়। এই বিষয়ে অধিক তথ্য জানিবলৈ পাঠক- পাঠিকাসকলে তলৰ লিংকটোত গৈ এই তথ্যচিত্ৰ (Documentary) খন চাব পাৰিব।

https://youtu.be/CiBNS3ZZ9rY