১০০ দিনীয়া পঠন অভিযান : কামৰূপ

জাহিদুল ৰহমান মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক কৰৰা শিক্ষা খণ্ড

 

পঠন অভিযানৰ বিষয়ে কোৱাৰ আগতে আমি পঠন কি সেই বিষয়ে জনাতো প্ৰয়োজন । ভাষা শিকিবলৈ হ'লে শিকনৰ চাৰিটা কৌশল শ্ৰৱণ ,কথন  , পঠন আৰু লিখন আয়ত্ত কৰিব‌ লাগিব । পঠনৰ দ্বাৰা গ্ৰন্থৰ জ্ঞান আহৰণ কৰিব পৰা যায় ‌। পঠনৰ জৰিয়তে এটি ভাষাই সমৃদ্ধ লাভ কৰে । অসমীয়াৰ এষাৰ কথা আছে যিমানে পঢ়িবা সিমানে শিকিবা । পঠনৰ পৰাহে ছাত্ৰ-ছাত্ৰী সকলে বিজ্ঞানিক জ্ঞান আহৰণ কৰিব পাৰে । সত্যনাথ বৰাই কোৱাৰ দৰে " পঢ়নৰ পৰা দুৰৈৰ মাণিক হাতত পোৱা যায় " । পঠনৰ জৰিয়তে এটি ভাষাৰ শব্দৰ জ্ঞান , বাক্যৰ গঠন প্ৰণালীৰ ব্যৱহাৰৰ সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি । পঠন অবিহনে ভাষা শিকাটো অসম্ভৱ । গতিকে বিদ্যালয় পৰ্যায়তে ছাত্ৰ-ছাত্ৰী সকলক পঠনৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিলে জ্ঞান আহৰণত সমস্যাৰ সন্মুখীন হ'ব লাগিব । সৰব  পঠনে ছাত্ৰ-ছাত্ৰীক বাকপতুতা কৰাৰ লগতে ভাষাৰ জ্ঞান শুদ্ধ ভাবে আয়ত্ত কৰাত সহায় কৰে । নতুন শিক্ষা নীতিত প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগত শিক্ষা লাভ কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ।

  ভাৰত চৰকাৰৰ শিক্ষা বিভাগে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক জ্ঞান প্ৰদানৰ বাবে যোৱা ইংৰাজী ৫ জুলাই ,২০২১ তাৰিখে নিপুণ ভাৰত মিশ্বনৰ শুভাৰম্ভ কৰে । উক্ত কাৰ্যসূচীটো শুভাৰম্ভ কৰে ভাৰতৰ শিক্ষা মন্ত্ৰী মাননীয় ৰমেশ পোখৰিয়াল নিশাঙ্কে । অসম চৰকাৰৰ শিক্ষা বিভাগে নিপুণ অসমৰ অধীনত মোৱা ইংৰাজী ১ জানুৱাৰী,২০২২ তাৰিখৰ পৰা ১০০ দিনীয়া পঠন অভিযান নামৰ এক কাৰ্যসূচী ৰূপায়ন কৰিছে । প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ১০০ দিনীয়া পঠন অভিযানে সামৰি লৈছে । এই পঠন অভিযানৰ মুলত উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰী সকলক পঠনত গুৰুত্ব প্ৰদান কৰাৰ লগতে ২০২৭ চনৰ ভিতৰত প্ৰত্যেক খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সাক্ষৰতা আৰু সাংখ্যিক জ্ঞান আহৰণ কৰিব পাৰে । " বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক "  কাৰ্যসূচীৰ উদ্দেশ্য হ'ল প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে সাক্ষৰতা আৰু সাংখ্যিক জ্ঞান লাভ কৰা । বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক কাৰ্যসূচীৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে ভাষাৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে  বয়স অনুসৰি ৫ ৰ পৰা ৬ টা সহজ শব্দ পঢ়িব পৰা , দ্বিতীয় শ্ৰেণীৰ  ছাত্ৰ-ছাত্ৰী সকলে এক মিনিটত ৪৫ - ৬০ টান শব্দ পঢ়িব পৰা আৰু তৃতীয় শ্ৰেণীৰ সকলে এক মিনিটত অৰ্থসহ ৬০ টা শব্দ পঢ়িব পৰা হ'ব লাগিব । ঠিক তেনেদৰে সাংখ্যিক ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে ৯৯ সংখ্যাৰ ধাৰণা লাভ কৰি লিখা-পঢ়া কৰাৰ লগতে সাধাৰণ যোগ- বিয়োগৰ ধৰনা লাভ কৰা , দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে  ৯৯৯ লৈ সংখ্যাৰ ধাৰণা লাভ কৰা আৰু লিখিব-পঢ়িব পৰাৰ লগতে ৯৯ লৈ যোগ-বিয়োগৰ ধাৰণা লাভ কৰা আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে ৯৯৯৯ লৈ সংখ্যাৰ ধাৰণা লাভ কৰিব  সাধাৰণ পুৰণৰ ধাৰণা পাব । বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলক গুণগত শিক্ষা লাভ কৰাৰ অসম চৰকাৰে ৰূপায়ন কৰা ১০০ দিনীয়া পঠন অভিযানৰ কাৰ্যসূচীটো  সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাতো ৰূপায়ন কৰা হৈছে । কামৰূপ জিলাৰ প্ৰত্যেক খন বিদ্যালয়তে ১০০ দিনীয়া পঠন অভিযানৰ জৰিয়তে বিভিন্ন প্ৰদক্ষেপ হাতত লৈ প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক ভাষাৰ জ্ঞান প্ৰদান কৰিব লাগে । পঠন অভিযান সক্ৰিয় কৰি তুলিবলৈ আমি বিদ্যালয়ত এটি ছপা সমৃদ্ধ পৰিবেশ গঢ়ি তুলিব লাগিব , ছাত্ৰ-ছাত্ৰী সকলক গ্ৰন্থাগাৰৰ পৰা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব , বাতৰি কাকত আলোচনী পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে । ছাত্ৰ-ছাত্ৰী সকলক বৰ্ণ কাৰ্ড , সাংখ্যাৰ কাৰ্ডৰ সহায়ত পঠন কাৰ্য সম্পাদন কৰা , ছাত্ৰ-ছাত্ৰী সকলক মাইণ্ড মেপৰ সহায়ত শব্দ তথা বাক্যৰ গঠন কৰিব দিয়া । এইবোৰ কাৰ্য্য বিদ্যালয়ত সম্পাদন কৰি অসম চৰকাৰে ৰূপায়ন কৰা ১০০ দিনীয়া পঠন অভিযানৰ সফল ৰূপায়ন কৰিব পাৰো । আমি শিক্ষক সমাজে ১০০ দিনীয়া পঠন অভিযান ৰূপায়নৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী , অবসৰী ব্যক্তি , যুব সংঘ , মহিলা সমিতি , আত্মা সহায়ক গোট আদিৰ সহায় ল'ব পাৰো । সকলোৰ অপ্ৰান প্ৰচেষ্টাত আমি আমাৰ দেশৰ ভবিষ্যত প্ৰজন্মক পঠন অভিযানৰ জৰিয়তে জ্ঞান প্ৰদান কৰি গুণগত শিক্ষা প্ৰদান কৰিব পাৰো । আমাৰ জিলাখনে বিগত দিনকেইটাত  ১০০ দিনীয়া পঠন অভিযান ৰূপায়ন কৰাৰ কেইটামান দৃশ্য দাঙি ধৰিলো । marg1 marg2 marg3 marg4 marg5

---------