খেলভিত্তিক শিক্ষা আৰু শৈশৱ কাল

ড০ প্ৰতিমা দেৱী শৰ্মা অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান, চামগুৰি, নগাওঁ
pratima devi sarma

বৰ্তমান 'কোভিড' সৃষ্ট পৰিস্থিতিৰ মাজেৰে শৈক্ষিক পৰিৱেশ আগবঢ়াই নিবলৈ হ'লে শিক্ষক সকলে বিশেষকৈ প্ৰা্ক-প্ৰাথমিক বিদ্যালয়ৰ শিশু সকলৰ ক্ষেত্ৰত 'খেলভিত্তিক শিক্ষা' (Playway in Education) পদ্ধতি ব্যৱহাৰ কৰাতো উল্লেখযোগ্য। কাৰণ এই শিশু সকলৰ বয়সৰ সীমা ৰেখা হ'ল (৫ - ১২ বছৰ) লৈ। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শিক্ষকসকলে 'অনলাইন' অথবা 'অফলাইন' ৰ জৰিয়তে বিশেষকৈ এই বয়সৰ শিশুসকলৰ মাতৃ/অভিভাৱক সকলৰ লগত সংযোগ প্ৰতিষ্ঠা কৰিব লাগিব। বিশেষকৈ 'অনলাইন' সম্বন্ধে আমাৰ অভিজ্ঞতা অকল শিক্ষক সকলৰেই নহয় পিতৃ-মাতৃ অথবা অভিভাৱক সকলৰো সীমিত যদিও আমি ইয়াক সাধাৰণীকৰণ কৰিব নোৱাৰো। যিহেতু বহুতো এনে লোক আছে তেখেত সকল এই অভিজ্ঞতাৰে পৰিপুষ্ট।

মহান শিক্ষাবিদ 'ৰুছ' ৰ মতে শিশুৰ ৫ বছৰৰ পৰা ১২ বছৰলৈ , এই সময়ছোৱাত সংবেদনশীল অংগ-প্ৰত্যঙ্গ সমূহৰ স্বাভাৱিক আৰু উপযুক্ত বিকাশ অত্যন্ত প্ৰয়োজন। সেইবাবে শিশুসকলৰ স্বাভাৱিক বিকাশৰ বাবে কাৰ্য্যভিত্তিক শিক্ষা দিয়াৰ প্ৰয়োজন আছে অৰ্থাৎ এই সময়ত খেল-ধেমালিৰ জৰিয়তে শিশুক শিক্ষা দিব লাগে যাতে শিশুৱে নিজে হাতে-কামে কৰি অতি আনন্দেৰে জীৱনৰ পাঠশালা অতিক্ৰম কৰিবলৈ সমৰ্থ হয়।

Sports

উদাহৰণস্বৰূপে, যেতিয়া আমি শিশুসকলক বৰ্ণ, শব্দ, সংখ্যা শিকাবলৈ যাওঁ, তেতিয়া বৰ্ণ, শব্দ বা সংখ্যাৰ এটা নিৰ্দিষ্ট পৰিমাণেৰে আগবাঢ়িব লাগে। কাৰণ 'অ-ফলা' বা 'ক-ফলা' অথবা (১-১০০) লৈ নেওঁতাৰ সংখ্যা এই বয়সৰ শিশুসকলে একেদিনাই মনত ৰাখিব নোৱাৰে। সেই কথাটো মনত ৰাখিব লাগিব। গতিকে, আমি আৰম্ভণিতে 'অ - ৰ পৰা ঈ' লৈ, (১ - ৰ পৰা ১০) লৈ, ক্ৰমান্বয়ে আগবাঢ়িব লাগে। কাৰণ অকল শিকিলেই বা ক'বলৈ জানিলেই নহ'ব, প্ৰতিটো আখৰ, সংখ্যা চিনিওঁ পাব লাগিব।

এইটো পৰ্যায়লৈ যোৱাৰ আগতে শিক্ষকে 'অ-ফলাৰ' এখন সম্পূৰ্ণ চাৰ্ট আৰু (১-১০০)লৈ 'গণনা' সংখ্যাৰ এখন চাৰ্ট ডাঙৰকৈ বনাই শ্ৰেণীকোঠাৰ এখন বেৰত আঁৰি থ'ব লাগিব। যাতে ছাত্ৰ-ছাত্ৰী সকলে দেখা পায়। তাৰ লগে লগে বৰ্ণ বা সংখ্যা লিখা সৰু সৰু কাৰ্ড বনাই লগত ৰাখিব লাগে যাতে শিশুক 'খেল' বা 'গীতেৰে' শিকাওঁতে কোনখন কাৰ্ডৰ কোনটো বৰ্ণ বা সংখ্যা হয় তাক চিনাক্তকৰণ কৰিবলৈ সুবিধা পায়। ছাত্ৰ-ছাত্ৰীক শিকোৱা 'বৰ্ণ' বা 'সংখ্যা' কোৱা আৰু চিনাক্তকৰণ শুদ্ধকৈ কৰাৰ পিছতহে আমি দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িব পাৰিম অৰ্থাৎ 'লিখন'।

Sports

এতিয়া আহক আমি কেনেকৈ খেলিম বা ক'ম জানি লওঁ। ধৰি লওঁ আমাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫ জন শিক্ষকে তেওঁলোকক শ্ৰেণীকোঠাত অথবা য'ত শিকাই সুবিধা অনুযায়ী থিয় হ'বলৈ দিব লাগে আৰু শিক্ষকৰ হাতত থকা 'বৰ্ণ-কাৰ্ড' বা 'সংখ্যা-কাৰ্ড' , এখন এখনকৈ দেখুৱাই সুধিব লাগে আৰু নিজেও কৈ যাব লাগে। তাৰ পাছত আটাইকে ক'বলৈ দিব লাগে। যেনে- 'অ' ৰ পাছত 'আ' হ'লে 'আ'-ৰ পাছত কি? 'আ'-ৰ পাছত 'ই' হ'লে 'ই'-ৰ পাছত কি? এনেদৰে আগবঢ়াই নিব লাগে আৰু সংখ্যাৰ ক্ষেত্ৰত সুধিব পাৰে ১ দুটা লগ হ'লে কি হ'ব পাৰে অৰ্থাৎ একে একে দুই হ'লে দুয়ে দুয়ে কি ? এনেদৰে '১০' লৈ আগুৱাই নিব লাগে। নিৰ্দিষ্ট সংখ্যক বৰ্ণ বা সংখ্যা শিকোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীক বহিবলৈ দি কাৰ্ডবোৰ একেলগে ৰাখি এখন এখনকৈ ছাত্ৰ-ছাত্ৰীক মাতি 'সংখ্যা' অথবা 'বৰ্ণ' চিনাক্তকৰণ কৰিবলৈ দিব লাগে, বেৰত আঁৰি থোৱা চাৰ্টৰ জৰিয়তে অথবা কাৰ্ডৰ জৰিয়তে।

দ্বিতীয়তে, আমি ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ ভিতৰত গোলকৈ থিয় কৰাই, তেওঁলোকৰ মাজৰ পৰা এজন ছাত্ৰক গোলৰ ভিতৰত সুমুৱাই 'নিগনি' খেল খেলাব পাৰো। প্ৰথমতে, শিক্ষকে ক'ব - '১,২,৩,৪,৫ নিগনি গৰালত নাচ' । তাৰ পাছত ছাত্ৰ-ছাত্ৰীক ঘূৰি ঘূৰি গাবলৈ দিব লাগে । এইদৰে দুই/তিনিবাৰ গোৱাৰ পাছত, সিহঁতক নিজৰ ঠাইত ঠিয় হ'বলৈ দি শিক্ষকে পুনৰ ক'ব লাগে - ৬,৭,৮,৯,১০ পাৰ যদি ওলাই যা নহ'লে বহু (নিগনিটোক উদ্দেশ্য কৰি) । এইবাৰো দুই-তিনিবাৰ কোৱাৰ পাছত খেলটো শেষ কৰি (১-১০) লৈ সংখ্যাবোৰ এজন, এজনকৈ মনত আছেনে ক'বলৈ দিব লাগে আৰু কাৰ্ডৰ জৰিয়তে চিনাক্তকৰণ কৰিবলৈও দিব লাগে।

এইদৰে পাঠৰ লগত সংগতি ৰাখি যদি শিশুক গীত- মাত, খেল-ধেমালিৰে 'পাঠ' পঢ়াব পাৰো তেতিয়া নিশ্চয় ছাত্ৰ-ছাত্ৰীয়ে সহজতে শিকিব পাৰিব।