বিদ্যুত(Electricity) ৰ বিষয়ে কিছু জানিবলগীয়া

নয়ন জ্যোতি কলিতা ডায়েট কামৰূপৰ ডি.এল.এড প্ৰশিক্ষাৰ্থী
nayanjyoti kalita

বিদ্যুত আচলতে কি?

= কোনো বিদ্যুত পৰিবাহী পদাৰ্থত থকা মুক্ত ইলেক্ট্ৰন(Free Electron) বোৰক যেতিয়া শক্তি প্ৰয়োগ কৰি এঠাইৰ পৰা আন এটা ঠাইলৈ গতি কৰোৱা হ'য়, তেতিয়া তাকেই সাধাৰণ অৰ্থত বিদ্যুত বোলা হয়। এই পৰিঘটনাটোক আমি চকুৰে দেখা নাপাওঁ, নিৰ্দিষ্ট কিছুমান পৰীক্ষাৰ দ্বাৰা উপলব্ধি হে কৰিব পাৰোঁ। বিদ্যুত প্ৰধানকৈ দুই প্ৰকাৰৰ - স্থিৰ বিদ্যুত(Static Electricity)আৰু গতি বিদ্যুত(current electricity)।

* বিদ্যুতৰ লগত জড়িত কাৰ্য কৰাৰ সময়ত নিম্নলিখিত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় --

  1. বিদ্যুতৰ কাম আৰম্ভ কৰাৰ আগতে সৰ্বপ্ৰথমে প্ৰধান চুইচ(Main Switch) অফ কৰি লব লাগে।
  2. বিদ্যুতৰ কাম কৰাৰ সময়ত ISI স্বীকৃতি প্ৰাপ্ত সঁজুলি ব্যবহাৰ কৰিব লাগে।
  3. ফেজ তাঁৰডাল(Phase Wire) চুইচ ৰ দ্বাৰা নিয়ন্ত্ৰিত কৰাৰ ব্যবস্থা কৰিব লাগে।
  4. তাঁৰৰ মাজৰ জইনবোৰ(Joint) মজবুত আৰু ইন্চুলেটেড(Insulated) হ'ব লাগে।
  5. খালি ভৰিৰে(Bare Feet)কেতিয়াও বিদ্যুতৰ কাম কৰিব আগবাঢ়িব নালাগে।
  6. বিদ্যুতৰ পৰা উৎপন্ন হোৱা জুই কেতিয়াও পানী ব্যবহাৰ কৰি নিৰ্বাপন কৰাৰ চেষ্টা কৰিব নালাগে।
  7. এনে জুই নুমাবৰ বাবে কাৰ্বন ডাই অক্সাইড, CTC অথবা বালি(Sand) ব্যবহাৰ কৰিব লাগে।
  8. ফেজ/লাইভ(Phase/Live wire) আৰু নিউট্ৰেল(Neutral) তাৰ দুডাল ভুলঃবশত ক'ৰবাত ল'গ হৈ আছে নেকি লক্ষ্য কৰিব লাগে। বা ইয়াক কেতিয়াও প্ৰত্যক্ষভাৱে(Directly)লগ হ'ব দিব নালাগে। ইয়ে ডাঙৰ দুৰ্ঘটনা সংঘটিত কৰিব পাৰে।

* আমি ঘৰত লক্ষ্য কৰিব লগা অতি প্ৰয়োজনীয় বিদ্যুতৰ বিষয় কিছুমান ---

  1. ইলেকট্ৰিচিটি বোৰ্ডে সংযোগ কৰি দিয়া মিটাৰ(Energy meter) টোৰ ঠিক পিছতেই মেইন চুইচ নতুবা আইছ'লেটৰ(Isolator) সংযোগ হৈ আছেনে লক্ষ্য কৰা। যদি নাই, সোনকালে ইয়াক সংযোগ কৰাৰ ব্যবস্থা কৰা উচিত।
  2. ঘৰখনৰ প্ৰতিখন চুইচবোৰ্ড আৰ্থিং তাঁৰেৰে(Earthing Wire) সংযোজিত হৈ আছেনে তাৰবিষয়ে নিশ্চিত হোৱা। ইয়ে বিদ্যুতৰ দ্বাৰা সংঘটিত বহুতো দুৰ্ঘটনা ৰোধ কৰিব পাৰে।
  3. উচ্চ ক্ষমতা সম্পন্ন উপকৰণ(Equipment) সমূহ যেনে- ফ্ৰীজ, এ.চি(A.C), গিজাৰ(Geyser), ওৱাচিং মেচিন, হিতাৰ আদিৰ লগত MCB সংযোজিত হৈ থকাটো নিশ্চিত কৰা। যদি নাই, তেন্তে ইয়াক সোনকালে লগোৱাৰ ব্যবস্থা কৰা ভাল। এই উপকৰন সমূহৰ বাবে পৃথককৈ MCB থকাটো অতি জৰুৰী।

বি:দ্ৰ:- MCB(Miniature Circuit Breaker) হৈছে বৈদ্যুতিক সুৰক্ষা দিবৰ বাবে ব্যবহাৰ কৰা এক সঁজুলি। বৰ্তনী এটাত যিকোনো বিপদ সংঘটিত হ'লে তৎক্ষণাত এই সঁজুলিবিধে বিদ্যুত প্ৰৱাহক ব্ৰেক(Break)কৰি দিয়ে।

* তলত‌ MCB আৰু Energy meterৰ প্ৰতিচ্ছবি দেখুওৱা হৈছে-

MCB Energy Meter