বিজ্ঞান : সংস্কৃতিৰ প্ৰত্যাহ্বান

জাহিদুল ৰহমান মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক , কৰৰা শিক্ষা খণ্ড

প্ৰগতিশীল সমাজ খন বিজ্ঞানৰ ন ন কৌশল অবিহনে কেতিয়াও চলিব নোৱাৰে । বিজ্ঞানৰ‌ ন ন আবিষ্কাৰে মানুহক শীৰ্ষ স্থানত উপনীত হোৱাৰ সুবিধা কৰি দিছে । বিজ্ঞানে মানুহক বাস্তৱমুখী কৰাৰ লগতে কষ্টকৰ জীৱনৰ পৰা অব্যাহতি দিছে । আকাশত চৰাই উৰা দেখি মানব‌ সমাজে আকাৰত উৰাৰ‌ সপোন দেখা কেবল বিজ্ঞানৰ কাৰণে সম্ভৱ হৈ উঠিল । আজিৰ বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ ফলতে মানব সমাজে নতুন নতুন যন্ত্ৰ -‌পাতি উদ্ভাৱন কৰিলে সচাঁ , বিজ্ঞানৰ উদ্ভাৱনৰ ফলত আমাৰ জাতীয় জীৱনৰ পৰা পৰাম্পৰাগত লোক-কথা , লোক সংস্কৃতি নোহোৱা হৈ গৈছে । আমি পৰবৰ্তী প্ৰজন্মক আমাৰ পৰাম্পৰাগত লোক সংস্কৃতি সমুহ সংগ্ৰাহলয়ত হে দেখুৱাব লাগিব । গাওঁ অঞ্চলৰ কিছুমান লোক সংস্কৃতি ইতিমধ্যে বিলোপ হৈ গ'ল । আমি পঢ়ি অহা " শুৱনি আমাৰ গাওঁখন " কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰা সেই গাঁও খনৰ ৰূপ এতিয়া দেখিবলৈ পোৱা নাযায় । ৰাতিপুৱা শুনিবলৈ ‌পোৱা ঢেকীৰ মাত এতিয়া শুনিবলৈ নোপোৱা হলো । বোৱনীয়ে তাতঁ শালত কাপোৰ বোৱা দেখিবলৈ পোৱা নাযায় । বোৱনীয়ে তাতঁৰ শালত বহি কাপোৰত ফুল বচা দিন ওকলিল । বিজ্ঞান ৰ অগ্ৰগতিয়ে সকলো সহজ কৰি পেলালে । আজি আমাৰ পিছৰ প্ৰজন্মক তাতঁ শালৰ লগত জড়িত মাকৈ , বোৱা , উঘা , চেৰেকী , ৰাহ আদি সজুলি সমুহ সংগ্ৰাহলয়ত বা প্ৰদৰ্শনীৰ জৰিয়তে দেখুওৱ লাগিব । গাঁৱৰ চহা খেতিয়কে ৰাতিপুৱা বলধ হাল লৈ গৈ খেতি কৰাৰ দৃশ্য দেখিবলৈ পোৱা নাযায় তাৰ সলনি বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ফলত সৃষ্টি হোৱা ট্ৰেক্টৰ , পাৱাৰ টিলাৰ হে দেখিবলৈ পোৱা যায় । এতিয়াৰ ছাত্ৰ-ছাত্ৰীক যদি খেতিৰ সজুলি কি বুলি ক'লে ট্ৰেক্টৰ , পাৱাৰ টিলাৰ বুলি কব ।  তেওঁলোকৰ  মনলৈ কেতিয়াও নাঙল , যুৱলী ,  মৈ, জৱকা , উখুনি আদিৰ কথা মনলৈ নাহে । 
বিজ্ঞানৰ অগ্ৰগতিয়ে মানব সমাজৰ কষ্ট লাঘৱ কৰাই নহয় কম সময়ত কাৰ্য সম্পাদন কৰাত সহায় কৰিছে । খেতি চপোৱাৰ পাছত মৰণা মাৰিবলৈ অশেষ কষ্ট সহিব লগা হৈছিল যদিও এতিয়া মৰণা মৰা মেচিনে এই কষ্ট লাঘৱ কৰিছে সঁচা কিন্তু পৰাম্পৰাগত ভাবে মৰণা মৰাৰ দৃশ্য অতীত হৈ পৰিছে ।
বিজ্ঞানৰ অগ্ৰগতিয়ে আমাক উন্নত আৰু আৰামদায়ক জীৱন যাপন কৰিব ল'লে । জলাশয় , খাল - বিল , জান - জুৰি মাৰি বৃহৎ বৃহৎ কল-কাৰখনা , অট্টালিকা গঢ়ি উঠিল । ফলত জান-জুৰি, খাল-বিলত তাহানিতে দেখা পুঠি , খলিহʼনা , ভেৰভেৰী, কাঞ্চনমতী , বেছা, মোৱা , কাৱৈ , বৰদৈয়া, কপিলী , শাল- শʼল , মাগুৰ, শিঙি, টিঙৰা আদি মাছ বিলুপ্তিৰ পথত । ঠিক তেনেদৰে অসমীয়া সমাজ জীৱনৰ পৰাও ছেপা , চোৰোহা , জাকৈ , শালৈ, জুলুকি নোহোৱা হৈ গ'ল । বৰ্তমান সময়ত মাঘ বিহুৰ উৰুকাৰ বাবে লগে ভাগে মাছ মৰাৰ দৃশ্য বিৰল । অসমীয়া লোক সংস্কৃতিৰ পৰা এইবোৰ নোহোৱা হ'ল । আজিৰ সমাজৰ প্ৰত্যেক জন মানুহ নিজক লৈ ব্যস্ত কাৰো সময় নাই । আজি গাঁৱত সেই বৃহৎ চোতালো নাই , পৰাম্পৰাগত লোক কথা কোৱা ককা - আইতাৰো অভাৱ । আমি সকলোৱে ঘৰতে নিজৰ লʼৰা বা ছোৱালী জনীক মোবাইল ফোনটো দিওঁ । আগতে চোতালত একেলগে বহি সাধুকথা , সাঁথৰ , ডাকৰ বচন শুনি নীতি কথা লাভ কৰিছিল । ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হৈ পৰিছিল । মানুহৰ মাজত মৰম স্নেহ বৃদ্ধি পাইছিল । বৰ্তমান সময়ত অকলশৰীয়া জীৱনে এইবোৰৰ পৰা আতৰাই ৰাখিছে ।
বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিয়ে আমাক উচ্চ শিখৰত আৰোহণ কৰাই নহয় মানব সমাজক নিৰোগী জীৱন যাপন কৰাত সুবিধা কৰি দিছে । এতিয়া মানুহে জৰা-ফুকাৰ বাবে কবিৰাজৰ ওচৰত যাব নালাগে । মানুহ বুঢ়া নোহোৱাকৈ কেনেকৈ থাকিব পাৰি তাৰ গবেষণা অব্যাহত ৰাখিছে ।  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক সহজ সৰল সুস্থ জীৱন যাপন কৰাত সহায় কৰিছে সচাঁ কিন্তু বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ ফলত আমাৰ পৰাম্পৰাগত লোক বিশ্বাস , লোক সংস্কৃতি , লোক কথাৰ বিলুপ্ত ঘটিছে । বিজ্ঞান পৰাম্পৰাগত পদ্ধতিৰ বাবে প্ৰত্যাহ্বান হ'লেও আমি সুস্থ , সহজ সৰল আৰু উন্নত জীৱন যাপনৰ বিজ্ঞানৰ আশ্ৰয় ল'বই লাগিব ।  বিজ্ঞানৰ তথ্য প্ৰযুক্তি অবিহনে আমি কেতিয়াও চলিব নোৱাৰো ।