চিলভাৰফিছ উপত্যকাৰ চকুলো

ড° শিৰোমণি ভূঞা মুখ্য সম্পাদক, গুৰুবাৰ্তা, প্ৰবক্তা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান,কামৰূপ

চিলভাৰফিছে কুটা কিতাপৰ আলমাৰিটোৰ পৰা পুৰণি কিতাপ কিছুমান উলিয়াই আনিলোঁ। কিতাপৰ আলমাৰিটো যতন লৈ থকা বস্তু, অন্যথা ভিতৰত থকা ৰত্নভাণ্ডাৰ নষ্ট কৰিবলৈ অলেখ শত্ৰু লুকাই লুকাই আছে। আমাৰ সৰু সৰু ৰত্নভাণ্ডাৰৰ ৰত্নগিৰিত সদায় থিয় হৈ আছিল সেই মানুহজন। ডাঙৰ চছমাৰ ফ্ৰেমেৰে দেখা পোৱা চকুৰ তীব্ৰতাখিনি আছিল তেখেতৰ পৰিচিত অৱয়বৰ পৰা আনক আহৰি দিয়াৰ এক বিনম্ৰ আয়োজন।

মানুহ মৰিলেহে হয়তো উভতি চোৱা হয়। নতুবা দৈনন্দিন মত অমতৰ চালনিখনত কথাবোৰ বাছি থাকোতে মানুহ এজনৰ কায়িক উপস্থিতিৰ মূল্যখিনি নিলগত থাকি যায়। কিন্তু এটা সময়ত বুজি পোৱা যায় যে সময়ৰ সুঘ্ৰাণ মানুহ আৰু প্ৰকৃতিকেন্দ্ৰীক। তাতকৈ ওপৰত একো নহয়। অস্তিত্বৰ পথাৰখনত কায়িক শূন্যতা অহাৰ পিছত মানুহ এজনৰ কথাবোৰক নতুন ৰূপত অনুবীক্ষন লৈ চাবলৈ ভিতৰৰ পৰা জোৰ এটা আহে। 'চিলভাৰফিছৰ উপত্যকা'টোত ঘুৰি ফুৰোতে বিৱৰ্ণ কিতাপবোৰত পুনৰ আঙুলি বুলাই বহুজনে হয়তো যোৱা কেইটামান সপ্তাহ চাইছে। আচলতে তেখেতৰ কিতাপবোৰৰ পৃষ্ঠা বিৱৰ্ণ হ'বৰ হোৱা নাই। প্ৰতিখন কিতাপৰে নতুন নতুন সংস্কৰণ প্ৰায় ওলাই আছে। ব্যক্তিগত সংগ্ৰহত থকা কিতাপখিনিৰ কথাহে মই উনুকিয়াইছো বিৱৰ্ণ পৃষ্ঠা বুলি। আজিকালি হাতত থকা মোবাইলটোত সকলোৱে তথ্যৰ পৃথিৱী এখন লৈ ফুৰে। গুগল সাম্ৰাজ্যত আমাৰ সকলোৰে সঘন আহযাহ এতিয়া। খুলি ল'ব পাৰো বিশ্ব সাহিত্যৰ অনেক সম্ভাৰ। কিন্তু এইবোৰ সহজলভ্য হোৱাৰ আগতেই মানুহজনে সাধাৰণ মানুহক বিশ্বৰ বিভিন্ন গ্ৰন্থৰ পৰিপুৰক সমলেৰে সোৱাদ দিছিল আৰু চিনাকি কৰাই দিছিল এখন অন্য জগতৰ। নিজৰ শিতানৰ নৈখনৰ পৰা আৰম্ভ কৰি প্ৰজ্ঞাৰ সাগৰখনলৈ অশীতিপৰ সাধনা তেওঁ সচাই কৰিছিল। অসমীয়া মানুহৰ চিন্তা চেতনাত মনোমুগ্ধকৰ ৰূপত উদ্ধৃতিৰ সহায়েৰে তেখেতে তুলি ধৰিছিল গোলকীয় সাহিত্য আৰু গোলকীয় ব্যক্তিসত্তাৰ আলেখলেখ। তেওঁ ইংৰাজীতে পঢ়ি ইংৰাজীতে লিখি এই কথাবোৰ অচিনাকি পাঠকৰ বাবে এৰি দিব পাৰিলেহেতেন। কিন্তু বাছি ল'লে চিনাকি পাঠক আৰু চিনাকি ভাষা। চিনাকি মানুহখিনিকেই কিতাপ পঢ়িবলৈ প্ৰত্যক্ষ আৰু প্ৰকাৰান্তৰে সদায় উদগনি যোগাই গ'ল। প্ৰায় সকলোৰে নিজক লুকুৱাৰ আয়োজন থাকে,তাৰ মাজতো বিতৰ্কিত সত্য কিছুমানক নিজেই উদঙাই দি আত্ম অনুসন্ধানৰো এক গতিশীল আন্দোলন তেওঁ কৰি গ'ল। বহুতৰ কাৰণে অস্পৰ্শা আছিল মানুহজন। কিন্তু তেওঁৰ কলমৰ আখৰবোৰক লাখ লাখ অসমীয়াই স্পৰ্শ কৰিছে। ইয়াতকৈ কি লাগে। মানুহ এজনৰ ব্যক্তিগত বস্তুবোৰৰ খনন কাৰ্যৰ ফলাফল বৰ বেছি ধনাত্মক নহয়গৈ। এয়ায়ো কোৱা নাই যে মানুহ এজনক কোনোবাই নিৰ্মোহ সমালোচনা নকৰিব। কিন্তু ভালৰ ভৰ বেছি হ'লে মানুহ এজন শাণিত অস্ত্ৰৰ পৰা বাছি যায়। তেওঁ হয়তো বহু পৰিমানে এই ক্ষেত্ৰত সুৰক্ষিত অৱস্থানতেই থাকিল। নিজস্ব মতামত এইযে সকলোৰে ভালখিনি সামৰি লৈ আমাৰ চুটি জীৱনটো সজাবলৈ চেষ্টা কৰাই ভাল। তেজ মঙহৰ মাজত থকা দৈনন্দিন সন্তোলনৰ আন্দোলনখিনিয়েই শেষ কথা হোৱাহেতেন কলাৰ সৃষ্টি তথা 'প্ৰজ্ঞা' আৰু 'বৌদ্ধিক' শব্দ দুটাৰ ইমান প্ৰচলন নহ'লহেতেন। মানুহে অন্তৰীণ উপলব্ধিক মূৰ্ত আৰু বিমূৰ্তৰূপত সজোৱাৰ আয়োজনেই নকৰিলেহেতেন। সেয়ে আমাৰ মাজৰ পৰা হেৰাই যোৱা এজন সৱল অসমীয়াৰ বন্দনা কৰাত হেলা নকৰো। বহুতেই কয় যে তেওঁৰ ৰাজনৈতিক মতাদৰ্শ স্পষ্ট নহয়। কিন্তু এটা কথা ঠিক যে জ্বলন্ত সকলো সমস্যা আৰু গতিবিধিত তেওঁ মতামতৰ পৰা পলায়ন কৰা নাছিল। তৎস্বত্বেও তুলাচনীত ওজন দিওতে বিভিন্ন মতাদৰ্শগত ব্যক্তিয়ে হয়তো পাৰ্থক্য বিচাৰি লৈছিল। এয়া হ'ব পাৰে।

ইতিমধ্যে অধিক দীঘলীয়া প্ৰসংগৰে উল্লেখিত ব্যক্তিজনাৰ কথা কৈ থাকিলো। আচলতে তেখেত হেৰাই যোৱাৰ পিছত অসমৰ এটা বিশেষ যূগৰেই যেন অৱসান হ'ল। কৈ আছিলো সদ্যপ্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ কথা। গুৰুবাৰ্তাৰ এই নতুন সংখ্যাটোত তেখেতক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ‌। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ‌। আচলতে তেখেতে পাঠক সৃষ্টি কৰাই নহয় বহু নতুন লেখককো উদগনি দি থৈ গ'ল। একেদৰে সাংবাদিকতাৰ জগতখনক গৰিমামণ্ডিত কৰি তেওঁ দি গ'ল অন্য এক অৱস্থিতিৰ জীয়া প্ৰমাণ। এতিয়া আমাৰ কিতাপৰ আলমাৰিবোৰ আৰু অধিক সমৃদ্ধিশালী কৰাৰ সময়। তেখেত হয়টো এই কথাৰ এগৰাকী অঘোষিত বাৰ্তাবাহকেই আছিল। আন বহু আন্দোলনৰ দৰে কিতাপ পঢ়াৰ আন্দোলনটোত তেওঁক আমি মনত পেলাই আগবাঢ়ি যাব লাগিব। কিতাপৰ পাতত চিলভাৰফিছ (Silverfish) নামৰ সৰু কীটটোৱে আক্ৰমণ কৰেই। সেই গ্ৰন্থকীটৰ উপত্যকা তেতিয়া বিস্তাৰ হয়, যেতিয়া আমাৰ কিতাপৰ আলমাৰিবোৰ অযত্নপালিত হয়। এই অযত্নপালিত আলমাৰিবোৰত এতিয়া অপাৰেশ্যনৰ প্ৰয়োজন। কিতাপ সজাবলৈ নহয় পঢ়িবলৈহে। কিতাপৰ মৰমে আৱৰি ৰাখিবৰ আমি আমাৰ প্ৰজন্মক শিকাব লাগিব। এই দায়িত্ব বৰগোহাঞিদেৱে আমাক সকলোকে সোৱৰাই থৈ গৈছে। এতিয়া ডিজিটেল প্ৰযুক্তিৰ যুগ।এই আলোচনীও এক ডিজিটেল আখৰাৰেই অংশ। তৎস্বত্বেও চুই চোৱা কিতাপখনৰ উম আমি পৰিহাৰ নকৰো। মহীৰুহ সাহিত্যিকগৰাকীৰ জীৱনাৱসানৰ পাছত এতিয়া ছিলভাৰফিছৰ উপত্যকাবোৰত জুমি চালে চকু সেমেকি উঠে। এটাই আশা কৰো কিতাপৰ ভিৰৰ মাজত মহীৰুহগৰাকী যেন জিলিকি জিলিকি থাকে।