শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্যবোধ

ৰাহুল মিলি প্ৰশিক্ষাৰ্থী, DIET Kamrup, Phone : 9678876435
rahul mili

মানৱ জাতিয়ে এখোজ-দুখোজকৈ আগবাঢ়ি আহি একৈশ শতিকাত উপনীত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানৱ জাতিক দিনক দিনে আগুৱাই লৈ গৈছে। ইয়াৰ প্ৰধান কাৰক হৈছে 'শিক্ষা'। শিক্ষা হৈছে দেশ-জাতিৰ উন্নতিৰ বাহক। আমি শিক্ষাৰ মাধ্যমেৰে সমাজত শৈক্ষিক পৰিৱেশ গঢ় দিব পাৰোঁ। নৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি দিশৰ প্ৰতি সজাগ হ'লে এক সুস্থ-সবল শৈক্ষিক পৰিৱেশ নিশ্চয় গঢ় লৈ উঠিব।

বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলে নৈতিক দিশৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আছে। নৈতিকভাৱে এজন ছাত্ৰ সচেতন নহ'লে প্ৰকৃত শিক্ষা গ্ৰহণত ব্যৰ্থ হয়। প্ৰকৃত শিক্ষা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ প্ৰতি শ্ৰদ্ধাশীল হ'বই লাগিব। তেতিয়াহে পাঠদানত শিক্ষকৰ মনোগ্ৰাহিতা বৃদ্ধি পাব আৰু ছাত্ৰ-ছাত্ৰীয়েও শিক্ষা গ্ৰহণত অতি সহজে আয়ত্ব কৰিব পাৰিব।

ছাত্ৰ-ছাত্ৰীসকলৰ নৈতিক চৰিত্ৰ গঠনৰ মূল স্থান হ'ল নিজৰ ঘৰখন। অভিভাৱক সকলে সন্তানক ভাল দিশটো দেখুৱাই মহান মহান ব্যক্তিসকলৰ জীৱনাদৰ্শৰে অনুপ্ৰাণিত হৈ জীৱন গঢ়াৰ বাবে উদ্ধুদ্ধ কৰাব লাগে। ভাল আচৰণ, জেষ্ঠজনক শ্ৰদ্ধা জনোৱা আদি শিষ্টাচাৰসমূহ ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰিৱেশৰ পৰাই আহৰণ কৰে। এই ক্ষেত্ৰত অভিভাৱকসকলে সচেতন হ'ব লাগে। ল'ৰ‍া-ছোৱালীক খোৱা-বোৱা,পিন্ধা-উৰা,কিতাপ- পত্ৰ, শিক্ষা মাচুল আদি যোগান দি অভিভাৱকৰ দায়িত্ব সামৰিলেই নহ'ব---তেখেতসকলৰ সন্তানে কি শিক্ষা লৈছে,সময়মতে পঢ়া-শুনা কৰিছেনে নাই, নিৰ্দিষ্ট সময়ত গৈ নিৰ্দিষ্টি সময়ত আহিছেনে নাই আদিবোৰৰ তদাৰক ল'লে সন্তানে নিশ্চয় বিপদে পৰিচালিত হোৱাত বাধা জন্মিব।

অামাৰ সমাজত এনে কিছুমান অভিভাৱক আছে, সেইসকলে সন্তানক প্ৰয়োজনতকৈ অধিক টকা-পইচা দি বিলাসী জীৱনত মত্ত হয়। সেইসকলৰ সন্তানে বিপথে পৰিচালিত হৈ সমাজ জীৱন বিষময় কৰি তোলে। গতিকে অভিভাৱক সকলে ঘৰৰ পৰিৱেশতে ছাত্ৰ-ছাত্ৰীসকলক নৈতিক ভাৱে সবল কৰি তুলিব লাগিব।

সামাজিক ব্যৱস্থা সুস্থ হ'লেহে সুস্থ-সবল শৈক্ষিক পৰিৱেশ আশা কৰিব পাৰে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট ভূমিকা পালন কৰিব পাৰে। কিয়নো এখন শিক্ষানুষ্ঠানত জাতি,বৰ্ণ,ধৰ্ম নিৰ্বিশেষে বহু ছাত্ৰ-ছাত্ৰীৰ সমাবেশ ঘটে। ভাৱৰ আদান-প্ৰদান,মিলা-মিচাৰে একত্ৰিত হৈ শিক্ষাদানত বৰ্তী থাকে। তেনে পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে একতাৰ বান্দোন কটকটীয়া কৰি তুলিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলেই প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ অশিক্ষিতক শিক্ষিত কৰি সমাজ বিকশিত কৰিব পাৰে। সমাজত প্ৰচলিত কু-সংস্কাৰ, অন্ধ-বিশ্বাস, শোষণ-তোষণ,দুৰ্নীতি আদি মষিমুৰ কৰিব পাৰে। সময়পযোগী শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মনত এখন সমাজত নুমাব খোজা বন্তিৰ শলিতা গচি বঢ়াই দিবলৈ সক্ষম হ'ব পাৰে। লগতে সমাজত সুস্থ-সবল শৈক্ষিক পৰিৱেশ অক্ষুন্ন থাকিব।

অৰ্থনৈতিক অনগ্ৰসৰতাই সুস্থ-সবল শৈক্ষিক পৰিৱেশ গঠনত বাধাৰ সৃষ্টি কৰে। সমাজত বহু ছাত্ৰ-ছাত্ৰীয়ে অৰ্থনৈতিক সংকটত পৰি দিশহাৰা হয়। ই শৈক্ষিক পৰিৱেশৰ প্ৰতি ভাবুকি স্বৰূপ। গতিকে অভিভাৱক সকলে নিজে ঘৰখনৰ অৰ্থনৈতিক দিশটোৰ প্ৰতিও ছাত্ৰ-ছাত্ৰী দৃষ্টি আৰোপ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীয়ে কৃষি কৰ্ম বা অন্য সেৱাত নিয়োজিত হৈ ঘৰখনক সকাহ দিয়াৰ লগতে সময়ৰ কাম সময়মতে কৰি শিক্ষা-জ্ঞানো অৰ্জন কৰিব লাগিব। তেতিয়া আমি স্বনিৰ্ভৰশীল হৈ আৰ্থিক দিশটো টনকিয়াল কৰিব পাৰিম। লগতে সুস্থ-সবল শৈক্ষিক পৰিৱেশো গঢ় দিব পাৰিম।

সংস্কৃতিৰ অবিহনে জাতিৰ বিকাশ অসম্ভব। সমাজ জীৱন অচল হয়। বৰ্তমান সময়ত সমাজত পশ্চিমীয়া সংস্কৃতিৰ প্ৰাদুৰ্ভাৱে নিজৰ সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে। অৱশ্যে সমাজত পৰিৱৰ্তন অনিবাৰ্য। কিন্তু নিজৰ সংস্কৃতিক বিসৰ্জন দি বাহিৰৰ অপ-সংস্কৃতিক আকোৱালি লোৱাও সমাজৰ বাবে শুভলক্ষণ নহয়। সেয়েহে নিজস্বতাক বজাই ৰাখি আনৰ ভালখিনি গ্ৰহণ কৰি সংস্কৃতিৰ পথাৰখন সজীৱ কৰি তুলিব পাৰি। ফলত সমাজ জীৱনৰ লগতে শৈক্ষিক পৰিৱেশো অটুট থাকিব। আশা কৰোঁ যদি আমি প্ৰকৃত শিক্ষাৰে শিক্ষিত হয় তেতিয়া নিজস্বতাক কেতিয়াও বিসৰ্জন নিদিব আৰু পুৰণি-নতুন সমাসাৰ ঘটাই সংস্কৃতিৰ জগতখনলৈ সজীৱতা আনিব। লগতে সুস্থ-সবল শৈক্ষিক পৰিৱেশৰ পথ প্ৰশস্ত কৰিব।