সময় সুস্থ নহয়।অনুকূল নহয় সামাজিক বাতাবৰণো।এতিয়া ইজনে সিজনৰ প্ৰতি থকা আস্হাও হেৰাই গৈছে ।হেৰাই গৈছে প্ৰমূল্যবোধ অথবা আন্তৰিক অনুভৱো।
সময়ৰ লগে লগে পৰিৱৰ্তন আহিছে।আহিবই। কোনোবাই বিচাৰক বা নিবিচাৰক ই অৱশ্যাম্ভাৱী। পুৰণিক খামুচি ধৰি থকাটোও নিয়ম হ'ব নোৱাৰে।পুৰণিৰ ভেঁটিতে নতুনকো আদৰি ল'ব লাগিব। ।কিন্তু প্ৰমূল্যবোধক শ্ৰদ্ধা কৰিব নোৱাৰা নতুনত্বক কোনেও গ্ৰহণ কৰিব নোৱাৰে।যুগে যুগে মূল্যবোধ অপৰিবৰ্তিত হৈ আছে।সেইয়া ইতিহাস সাক্ষী।বৰ্তমান সমাজত মূল্যবোধ অৱনমিত হৈছে।আমাৰ সমাজত ঘটি থকা অবিবেচক ঘটনা বোৰেই তাৰ প্ৰমাণ।নৈতিকতা পতনৰ বাবেই পূৰ্বৰ দৰে এতিয়া শিষ্যই নহয় গুৰুয়ে শিষ্যৰ সন্মুখত ক্ষমা বিচাৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে।সমাজ যে ধংসৰ পথত ধাৱিত হৈছে তাক প্ৰমাণ দাঙি ধৰিবলৈ ইয়াতকৈ আৰু ডাঙৰ প্ৰমাণ নালাগে।
আজিৰ প্ৰজন্ম কোন দিশে ধাৱমান -এই কথাষাৰ বাৰে বাৰে আলোচিত কৰিবলৈ গৈ নৱ প্ৰজন্মলৈ আঙুলি তোলা দেখা গৈছে।কিন্তু সেইয়া প্ৰকৃততে সঠিক হৈছেনে?তেওঁলোকৰ আদৰ্শ হ'ব পৰাকৈ আমি কি কৰিছো!সম্প্ৰতি অসমত সংঘটিত হোৱা অপৰাধ জনিত ঘটনাই আটাইকে হতচকিত কৰি তুলিছে।সৌ সিদিনা নগাঁৱত ছয় বছৰীয়া কণমানি ছোৱালীজনীক আঠ -এঘাৰ বছৰীয়া কিশোৰে হত্যা কৰা ঘটনা প্ৰসংগত আৰক্ষী অধীক্ষক জনে কৈছিল-"অনুশাসন থাকিলে শাসনৰ প্ৰয়োজন নাই"। তেখেতৰ কথাষাৰ গ্ৰহণযোগ্য।শিক্ষানুষ্ঠান, সমাজৰ পৰা এই অনুশাসন শিকে যদিও আচলতে অনুশাসনৰ আদিপাঠ ঘৰৰ পৰাই আৰম্ভ হয়। পৰিস্থিতি,অস্হিৰ সামাজিক বাতাবৰণ আদিয়ে ব্যক্তিৰ মনৰ মাজত বেয়া প্ৰভাৱ পৰাৰ বাবেই অনুশাসন হীনতাই ক্ৰিয়া কৰে আৰু অপকৰ্মত লিপ্ত হৈ পৰে।এই অনুশাসনহীনতা একপ্ৰকাৰ ব্যাধি।এই ৰোগ নিৰাময়ত সকলোৱে সচেষ্ট হ'ব লাগিব।বিদ্যালয়ৰ তথ্যপূৰ্ণ শিক্ষাৰ সমান্তৰালভাৱে মূল্যবোধৰ শিক্ষাকো আগুৱাই নিব লাগিব।এজন ব্যক্তিয়ে নীতিবোধৰ শিক্ষা লাভ কৰিব নোৱাৰিলে শিক্ষানুষ্ঠানৰ শিক্ষা সম্পূৰ্ণ হ'ব নোৱাৰে।যি শিক্ষাৰ লগতে বুদ্ধিমত্তা অৰ্জন কৰি এক নৈতিকতাসম্পন্ন চৰিত্ৰৰে নিজক গঢ় দিব পাৰিব তেনে ব্যক্তিয়েহে নিজৰ লগতে সমাজৰো উন্নতি সাধন কৰিব পাৰিব।
সম্প্ৰতি বৰ উদ্বেগজনকভাৱে বৃদ্ধি হৈছে হত্যা, বলাৎকাৰ,মদ্যপান, গৰ্ভপাতৰ ,মূৰত দা বা পটা গুটিৰে আঘাত কৰি হত্যা কৰাৰ দৰে হিংসাত্মক ঘটনাবোৰ। কিয় বাঢ়িছে এই দুঃসংবাদবোৰ? মূলত কিহৰ অভাৱ ঘটিছে?সন্তানৰ চকুৰ সন্মুখত মাতৃ বা পিতৃ দুষ্কাৰ্য দেখিবলগা হোৱাতো অনাগত সময়ৰ এক বিপদজনক ইংগিত।এৰা ধৰাৰ মাজেৰেই সম্পৰ্ক বোৰ স্হাপন হয়।সন্তানৰ মংগলৰ বাবেই অভিভাৱক সকলৰ সততা, দৃঢ়তাৰ লগতে নীতি পৰায়ণ হোৱাটো প্ৰয়োজন।
যুঁজি যুঁজি জীয়াই থকাটোয়েই জীৱন।সংগ্ৰামৰ মাজেদিয়েই জীৱন আগবঢ়াই নিব লাগিব।কৰুণাসৃষ্ট পৰিৱেশে জীৱনক আৰু বেছি সংগ্ৰামমুখী কৰি তুলিছে।শিক্ষা, সমাজ,অৰ্থনীতি সকলোফালে অৱক্ষয়ে দেখা দিছে।২০মাহ ধৰি শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ থকাৰ ফলত শিক্ষাৰ্থী সকল অধিক ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে মবাইল,কম্পিউটাৰৰ স্কীনত কেৱল দুচকু আৱদ্ধ কৰি ৰাখিব লগা পৰিৱেশৰ সূচনা হ'ল।সমনীয়া অথবা আত্মীয়ৰ সৈতে দূৰত্ব বজাই ৰাখিব লগা হোৱাত একাকীকত্ব জীৱন বোৰলৈ হতাশা নামি আহিছে। আমি আশাবাদী সময় সলনি হ'ব।সোনকালেই সুদিন উভতি আহিব।ছাত্র ছাত্ৰী সকল সফলতাৰ শিখৰলৈ যোৱাৰ বাটো সুচল হ'ব।কঠিন সময়ে শিকাই যোৱা পাঠৰ মাজতে নিজৰ জীৱনকো ইতিবাচক দৃষ্টিভংগীৰে গঢ়াৰ পণ ল'ব লাগিব।শিক্ষাৰ্থী সকলৰ সাফল্য লাভৰ বাবে লাগিব কঠোৰ পৰিশ্ৰম।লক্ষ্য প্ৰাপ্তিৰ দিশত দৃষ্টি হ'ব লাগিব সুনিৱদ্ধ।ইন্টাৰনেটৰ বিশাল পৃথিৱীৰ মাজত নিজৰ লক্ষ্যক দৃঢ়তাৰে ধৰি ৰাখিব পৰাটো হ'ব এজন শিক্ষাৰ্থীৰ বৃহৎ কৃতিত্ব।নিজৰ জীৱনক লৈ সপোন দেখিব লাগিব ।সেই সপোনৰ ভেঁটিতে গঢ়িব লাগিব কেৰিয়াৰ আৰু চাৰিত্ৰিক গুণৰাজিও।একাগ্ৰতা, কঠোৰ পৰিশ্ৰম ,নিয়মানুবৰ্তিতা,পৰিকল্পনা, ইচ্ছাশক্তি আদিৰ সহযোগত সফলতাৰ শিখৰ স্পৰ্শ কৰিব পাৰি।সফলতাৰ বাট কাটিবলৈ যাওঁতে কেতিয়াবা বিফলতা আহিব পাৰে।বিফলতাও সফলতাৰ বাবে এক আশীৰ্বাদ মাথো।বহুজন অসফল ব্যক্তিও পিছলৈ সফলতাৰ শিখৰ চোৱাৰ উদাহৰণ আছে।লাগে মাথো সাহস আৰু বলিষ্ঠ মানসিকতা।
বিজ্ঞানে সময়ক বহু আগুৱাই লৈ গ'ল। স্বপ্নোজ্বল ৰংছঙীয়া পৃথিৱীখনত উটি ভাঁহি থাকোতে বহুজনে নিজৰ অৱস্হিতিক পাহৰি সুস্থিৰ জীৱন এটাকো অসুস্থ কৰি তুলিছে।চ'চিয়েল মেডিয়াৰ জৰিয়তে মুহূৰ্ততে খ্যাতি অৰ্জন কৰিবলৈ গৈ বহুজনে নিজক পঙ্গু কৰি পেলাইছে।বহুজন যুৱক যুৱতীয়ে চেলফি ল'বলৈ গৈ পানীৰ সোঁতত উটি গৈছে, চলন্ত গাড়ীৰ পৰা পৰি অবাঞ্চিত মৃত্যুক সাৱটি ল'ব লগা হৈছে।এনে বহু পৰিতাপৰ সংবাদে সংবাদ মাধ্যমৰ শীৰ্ষ স্হান অধিকাৰ কৰিছে।যুগৰ এই জটিলতাৰ মাজত নিজক দৃঢ়তাৰে শিপা উঘালি নপৰাকৈ ধৰি ৰাখিব লাগিব।অভিভাৱক সকলেও সন্তানক সময়ৰ সৈতে আগুৱাই নিব পৰাকৈ সংকল্পবদ্ধ হ'ব লাগিব।কেৱল মাৰ্কশ্বিটৰ নম্বৰৰ আশাত বন্দী হৈ সন্তানক মানসিকভাৱে বিকলাংগ কৰাৰ বিপৰীতে সঁচা অৰ্থত মানুহ কৰি গঢ়ি তুলিব লাগিব।কাৰণ দেশৰ ভৱিষ্যত তেওঁলোকৰ হাততে।
------------