আজিৰ পৰিৱেশ আৰু সমাজৰ কৰণীয়

দিপাশ্ৰী দত্ত সহকাৰী শিক্ষয়িত্ৰী, বঙৰা তালুকদাৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড - ৰামপুৰ, জিলা - কামৰূপ (অসম)

২০১৯ বৰ্ষৰ শেষৰফালে বিশ্বজুৰি এটি বাতৰিয়ে সন্ত্ৰাস সৃষ্টি কৰিছিল । বাতৰি মতে, চীনদেশৰ য়ুহান প্ৰদেশৰ এখন মাংসৰ বজাৰৰ পৰা উৎপত্তি হোৱা কৰ'না নামৰ এবিধ ভাইৰাচে মানুহক তিল তিল কৈ মৃত্যু ঘটাইছে । এই ভাইৰাচত আক্ৰান্ত হ'লে সাধাৰণ পানী লগা জ্বৰৰ দৰে হৈ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতভাৱে হ্ৰাস কৰাৰ লগতে উশাহ-নিশাহত বহু কষ্ট দিয়ে । অৱশেষত নানা কষ্টত ভুগি ৰোগী জনৰ মৃত্যুও হয়, অৱশ্যে মৃত্যুৰ হাৰ সীমিত । কিন্তু, ইয়াৰ মাৰাত্মক দিশটো হৈছে সামান্য স্পৰ্শৰ দ্বাৰাই এই ভাইৰাচ বিধৰ দ্ৰুত সংক্ৰমণ হয় । সেয়ে, এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা অতি কম সময়তে ব্যাপক হৈ পৰিল । লাহে লাহে সমগ্ৰ বিশ্বই এই মহামাৰীৰ কবলত পৰিল । বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী অৱস্থাৰ ঘোষণা কৰিলে । বিশ্বৰ অন্য ৰাষ্ট্ৰৰ লগতে ২০২০ চনৰ আৰম্ভণিতে ভাৰততো এই ৰোগে দেখা দিলে । বিশ্বৰ চিকিৎসক, গৱেষক, বিজ্ঞানীকে আদি কৰি সকলো লোকে কৰ'না মহামাৰীৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিলে । শেষত, ইজনে-সিজনৰ পৰা দূৰত্ব বজাই ৰখা, নাক-মুখ কাপোৰেৰে ঢাকি ৰখা, সঘনাই হাত ধুই থকা আদি দিশসমূহত গুৰুত্ব দিয়া হ'ল । ৰোগীৰ সংখ্যা বাঢ়ি অহা ঠাইসমূহত দোকান-বজাৰ, যান-বাহন আদি সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হ'ল । মুঠতে আমি কোনেও, কেতিয়াও কল্পনা নকৰা এটি ভয়ানক পৰিৱেশে সমগ্ৰ বিশ্ব চানি ধৰিলে । যোৱা দুটা বছৰে ইমানখিনি আমি প্ৰত্যেকেই স্বচক্ষে দেখাৰ পাছত এইবোৰ পুনৰাই বৰ্ণনা কৰা অপ্ৰয়োজন বুলিয়েই গণ্য কৰিছোঁ‌ । কিন্তু এই সমূহৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ভয়লগা দিশটো হ'ল অক্সিজেনৰ অভাৱ । যাৰ ফলত ৰাস্তাই-ঘাটে অক্সিজেনৰ চিলিণ্ডাৰলৈ মাথো উশাহৰ বাবেই শাৰী পতা মানুহ দেখিছো, অক্সিজেনৰ অভাৱত মৃত্যুৰ চিৎকাৰ শুনিছো । কিন্তু এই অক্সিজেনৰ অভাৱ ভৱিষ্যতে হ'বগৈ বুলি আমি কিতাপে-পত্ৰই পাইছিলো । এদিন প্ৰত্যেকেই পিঠিত অক্সিজেনৰ মোনা কঢ়িয়াই লৈ ফুৰিব লগা হ'ব বুলি জানিছিলো কিন্তু এই দিন ইমান সোনকালেই আহিব বুলি কল্পনাৰো অগোচৰ আছিল । আমি প্ৰত্যেকেই জানো গছ থাকিলেহে মানুহ থাকিব, তৎসত্ত্বেও দিনক দিনে গছ-বন ধ্বংস কৰিয়েই আছো । এতিয়া আৰু দেৰি কৰাৰ সময় নাই । আমি প্ৰত্যেকেই সাধ্য অনুযায়ী গছপুলি ৰোপণ কৰাৰ লগতে ইয়াৰ পৰিচৰ্যাত অধিক গুৰুত্ব দিব লাগে । আমি শিক্ষক হিচাপে প্ৰতিদিনেই ছাত্ৰ-ছাত্ৰীৰ যোগেৰে এখন সমাজৰ লগত জড়িত হৈ থকাৰ সুযোগ পাওঁ‌ । সেয়ে আমি ছাত্ৰ-ছাত্ৰীৰ কোমল বয়সতেই গছৰ প্ৰতি ধাউতি বঢ়াব পাৰিব লাগিব । মানুহ বা অন্য প্ৰাণী জন্মাৰ লগতে যিদৰে খাদ্যৰ প্ৰয়োজন একেদৰে উদ্ভিদকো খাদ্যৰ যে প্ৰয়োজন সেই কথা উপলব্ধি কৰোৱায় গছৰ প্ৰতিপালন কৰিবলৈ আমি শিকাবই লাগিব ।

ইয়াৰ লগতে অন্য এক ভয়ানক পৰিৱেশ প্ৰদূষণকাৰী পদাৰ্থ হৈছে প্লাষ্টিক । প্লাষ্টিকৰ বহুল ব্যৱহাৰ আৰু ব্যৱহাৰ অযোগ্য সমূহ পেলনীয়া দ্ৰৱ্যলৈ পৰিণত হোৱাৰ ফলত দিনে দিনে প্লাষ্টিকৰ আৱৰ্জনাই চৌপাশ চানি ধৰিছে । আমি ইয়াৰ ব্যৱহাৰ যিমানলৈ পৰা যায় কমাব লাগিব অন্যথা সমগ্ৰ বিশ্বই এদিন প্লাষ্টিকৰ ভৰত ডুব যোৱাৰ দৰে হ'ব । আমাৰ সামান্য মনোযোগেও আমি প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ কমাই তুলিব পাৰো । উদাহৰণস্বৰূপে, আমি বজাৰলৈ যাওঁ‌তে মোনা লৈ যাব লাগে আৰু পাৰ্যমানে পলিথিনৰ ব্যৱহাৰ কমাব পাৰো । বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰ কৰিব পাৰো বা ব্যৱহাৰ অযোগ্য হ'লে নানান ধৰণৰ শোভণ সামগ্ৰী গঢ়ি তুলিব পাৰো । ইয়াৰ বাবে নানান কৌশল, ৰঙ-বিৰঙ ইত্যাদিৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীক শিকাবও পাৰো । এনে কৰিলেহে আমাৰ পৰিৱেশ সুৰক্ষিত হ'ব । অন্যথা আমি কৰ'নাতকৈও ভয়াবহ ৰূপত দেখিবলৈ পাম পৰিৱেশ প্ৰদূষণৰ সমস্যা । সেয়ে আমি সজাগ হওঁ‌ আহক ।