প্ৰকৃতিৰ মাজতে নিহিত হৈ আছে সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য আৰু সকলো দুঃচিন্তাৰ পৰা মুক্তিৰ উপায়

মণিকা বড়ো জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ,মিৰ্জা
monika boro

"প্ৰকৃতিৰ মাজতে নিহিত হৈ আছে সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য আৰু সকলো দুঃচিন্তাৰ পৰা মুক্তিৰ উপায়"

মনুষ্য প্ৰকৃতিৰ শেহতীয়া সংযোজন। আদিম জীৱৰ ক্ৰমবিৱৰ্তনৰ ফলতেই বৰ্তমানৰ মানৱ ৰূপটো সম্ভৱ হৈ উঠিছে। মানুহৰ আবিৰ্ভাৱৰ আগতেই ফল-ফুল, গছ-লতিকাৰে ভৰি আমাৰ এই ধৰণীখন বসবাসৰ উপযোগী হৈ উঠিছিল। এক কথাত কবলৈ গলে মানুহ প্ৰকৃতিৰ উৰ্দ্ধত নহয়, মানুহ প্ৰকৃতিৰ অন্তৰ্ভুক্তহে। মানুহ আৰু প্ৰকৃতি, এটা আনটোৰ পৰিপূৰক। এটাৰ অবৰ্তমানত আনটোৰ অস্তিত্ব অকল্পনীয়।

মানুহ প্ৰকৃতিৰ দাস। প্ৰকৃতিৰ সৃষ্টিৰাজিয়ে আমাক দিয়ে জীয়াই থকাৰ আনন্দ। যুগ যুগ ধৰি কবি, লেখক তথা শিল্পীক প্ৰকৃতিয়েই নতুন সৃষ্টিৰ বাবে উৎসাহিত তথা অনুপ্ৰাণিত কৰি আহিছে। ৰঘুনাথ চৌধাৰীৰ বিহগী কবিতাৰ পৰা আদি কৰি হীৰেণ ভট্টাচাৰ্যৰ ভালপোৱাৰ বোকা-মাটিলৈকে অসমীয়া কাব্য আৰু সাহিত্যত প্ৰকৃতিৰ এক অপৰূপ বৰ্ণনা পোৱা যায়।

"মৰু প্ৰান্তৰত শ্ৰান্ত পথিকৰ
তুমিয়েহে পান্থ তৰু
কৰা সঞ্জীৱিত তৃষিত জনৰ
দগধ হৃদয় মৰু।"
(বৰ্ষা, ৰঘুনাথ চৌধুৰী)

সাম্প্ৰতিক কালত আটাইতকৈ চিন্তনীয় এক বিষয় হৈছে গোলকীয় উষ্ণতা। উদ্যোগীকৰণৰ ফলত সৃষ্ট বৃহৎকায় কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱা তথা গাড়ী–মটৰনৰ পৰা নিৰ্গত বিষাক্ত গেছসমূহে আজি আমাৰ পৃথিৱী নামৰ গ্ৰহটোৰ অস্তিত্ত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাৰ লেখিয়াকৈ আমি মানৱ জাতিয়ে প্ৰকৃতিৰ সেউজীয়া গছ-গছনিবোৰ জধে-মধে ধ্বংস কৰাত লাগিছোঁ। মানুহৰ নিজৰ স্বাৰ্থলোভী কাৰ্যকলাপৰ ফলস্বৰূপে পৃথিৱীৰ হাওঁফাওঁ খ্যাত আমাজন বৰ্ষাৰণ্যত বনজুইৰ নিচিনা ঘটনা সংঘটিত হৈছে। ইয়াৰ কুফল অদূৰ ভৱিষ্যতে যে আমি ভোগ কৰিব লাগিব সেয়া ধুৰূপ। কিয়নো প্ৰকৃতিয়েই হৈছে জীৱজগতৰ প্ৰাণ। জীৱশ্ৰেষ্ঠ মুখাপিন্ধা মানুহৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিও চকুলো টুকি টুকি যেন নিঃস্বাৰ্থভাৱে জীৱজগতৰ বাবে দায়িত্ব পালন কৰি গৈছে প্ৰকৃতিয়ে। প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ মাজতেই আমি বিচাৰি পাওঁ জীয়াই থকাৰ আনন্দ, মানসিক প্ৰশান্তি। আনহাতে প্ৰকৃতিয়ে আমাক দি গৈছে জীয়াই থকাৰ উপাদানসমূহ, খাদ্যশস্যৰ পৰা আমি থাকিবলৈ সজা ঘৰটোৰ বাবে প্ৰয়োজনীয় কাঠ-বাঁহ আদিলৈ। জীৱজগতৰ প্ৰতি প্ৰকৃতিৰ এক মহৎ দানৰ উদাহৰণ হ'ল বৰ্ষাৰণ্যসমূহ।

আমি সকলোৱে দেখি আহিছোঁ প্ৰকৃতি ধ্বংসৰ কুফল মানুহে কেনেদৰে ভোগ কৰি আহিছে। মানুহে বিবেচনাহীনভাবে কৰা পাহাৰ খনন আৰু বনাঞ্চল ধ্বংসৰ পৰিণাম স্বৰূপে কৃত্ৰিম বানপানী এক সমস্যাৰূপে দেখা দিছে। পাহাৰ ধ্বংসৰ ফলস্বৰূপে বৰষুণ দিলে সম্পূৰ্ণ পানীভাগ হুৰমুৰকৈ ভৈয়ামলৈ বৈ অহা হেতুকে ভৈয়ামৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে আৰু তাৰ লগে লগে এই পানীভাগে ইয়াৰ সৈতে মাটি আৰু জাবৰ-জোথৰসমূহ কঢ়িয়াই অনা হেতুকে নৈ বা আন পৰিবাহী নলা-নৰ্দমাৰ বুকুত জমা হৈ এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। আনহাতে বনাঞ্চল ধ্বংসই আমাৰ জৈৱ পাৰিপাৰ্শ্বিকতাৰ ওপৰতো প্ৰভাব পেলাইছে। ইয়াৰে আন এক উদাহৰণ হৈছে শগুন। শগুন এক উপকাৰী প্ৰাণী। শ ভক্ষণেৰে শগুনে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰকৃতিৰ পৰিচ্ছন্নকামী চৰাই হিচাবে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ-জন্তু ভক্ষণ কৰি শগুনে প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত শগুনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

কিন্তু মানুহৰ কিছুমান অবিবেচকী কৰ্মকাণ্ড তথা প্ৰকৃতি ধ্বংসৰ পৰিণামে শগুনৰ সংখ্যাৰ ওপৰত এক বিৰূপ প্ৰভাব পেলাইছে। বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ তথা ইহঁতৰ বাসস্থান ওখ ওখ গছসমূহ ধ্বংসৰ কৰাৰ বাবে ইহঁতৰ বাসস্থান আৰু বংশ বৃদ্ধিৰ প্ৰতি ভাবুকি আহি পৰিছে। যিহেতু শগুনে শবোৰ ভক্ষণ কৰি প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰে, শগুনৰ সংখ্যা হ্ৰাস হৈ অহাৰ ফলত অদূৰ ভবিষ্যতে এই শবোৰ গেলি-পঁচি ৰোগ বিয়পোৱাৰ লগতে সমীপৱৰ্ত্তী পানীৰ উৎসত মিহলি হৈ পানী প্ৰদুষিত কৰি তোলাৰ প্ৰায় এশ শতাংশই সম্ভাৱনা আছে। তদুপৰি শগুনৰ অনুপস্থিতিৰ সুযোগ লৈ মৃতদেহ ভক্ষণৰ ফলস্বৰূপে শিয়াল, কুকুৰ, হায়েনা তথা এন্দুৰ, নিগনি আদিৰ দ্ৰুত বংশবৃদ্ধি হৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব। এনেবোৰ প্ৰাণীৰ বংশবৃদ্ধিৰ লগে লগে জলাতংক ৰোগ, প্লেগ আদিকে ধৰি আন আন ভয়াবহ ৰোগসমূহৰ প্ৰাদূৰ্ভাব হ'বলৈ ধৰিব কাৰণ এনেবোৰ প্ৰাণীয়ে বহুতো ভয়াবহ ৰোগৰ বাহক হিচাবে কাম কৰে। আজি নেপালৰ আকাশৰ পৰা শগুন বিলুপ্ত হোৱা বাবে নেপালে ইয়াৰ প্ৰতিফল ভোগ কৰিবলগীয়া হৈছে আৰু ইয়াৰ বাবে নেপালৰ জনসাধাৰণৰ স্বাস্থ্য সমস্যাই দেখা দিছে বুলি অভিযোগ আহিছে। শগুনে মৃতদেহ খাই পৰিবেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিছিল যদিও শগুন নোহোৱা হোৱা হেতুকে এন্দুৰ, নিগনি, কুকুৰ, শিয়াল আদিয়ে মৃতদেহ খাই নানা ৰোগ বিয়পাইছে আৰু লগতে বহুক্ষেত্ৰত মৃতদেহবোৰ গেলি-পঁচি নৈৰ পানী প্ৰদূষিত কৰাৰ লগতে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। যিবোৰ চৰায়ে হাজাৰ হাজাৰ বছৰ ধৰি আমাক সুৰক্ষা দি আহি জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি আহিছিল, সিহঁতে আজি মানুহৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিজেই অস্তিত্ত্বৰ সংকটত ভুগিছে। এইবোৰ কেইটামান উদাহৰণহে মাত্ৰ। জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অন্য এক উদাহৰণ হ'ল ভেকুলী, যাৰ টোৰটোৰণিৰ শব্দ বাৰিষাকালত আমাৰ গাঁওবোৰত সুলভ আছিল; যাৰ অবিহনে আমাৰ গ্ৰামাঞ্চলৰ চিনাকী আধৰুৱা আছিল, সেই ভেকুলীবোৰেও আজি প্ৰকৃতি ধ্বংসৰ কুফলত অস্তিত্বৰ সংকটত ভুগিছে। এন্ধাৰ ৰাতি জাক জাক জোনাকী পৰুৱাৰ নয়নাভিৰাম দৃশ্য আমাৰ গ্ৰাম্য সমাজত এসময়ত চিনাকী আছিল, কিন্তু জলবায়ু পৰিবৰ্তনৰ প্ৰভাবৰ বাবে আজি জাক জাক জোনাকীৰ দৃশ্যও হেৰাই যোৱাৰ উপক্ৰম হৈছে। এনে বহুতো উদাহৰণ আছে যিয়ে কঢ়িয়াই আনে প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰৰ ছবিখন।

প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে দেশৰ মাটিকালিৰ ৩৩ শতাংশত অৰণ্য থকা প্ৰয়োজন। কিন্তু আমাৰ দেশত বৰ্তমানে ২৩ শতাংশ মাটিকালিতহে অৰণ্য আছে। আনহাতে অপৰিকল্পিতভাৱে হাবি-বন ধ্বংস কৰাৰ ফলত সদ্যহতে আমাৰ ৰাজ্যত প্ৰাক স্বাধীনতা কালৰ ৩৫ শতাংশ হাবিৰ বিপৰীতে ২১ শতাংশ মাটিকালিতহে অৰণ্য বিৰাজমান। আমাৰ দেশত প্ৰতি বছৰে প্ৰায় ১.৫ নিযুত হেক্টৰ মাটিত থকা অৰণ্য নাইকিয়া হৈ আছে। বননিৰ ওপৰত মানুহে চলোৱা অবিবেকী লুন্ঠন কাৰ্যৰ বাবে ব্যাপক বনাঞ্চল ধ্বংস হৈ আছে। বনাঞ্চল ধ্বংস হোৱাৰ ফলত পৃথিৱীৰ পৰা বহু প্ৰজাতিৰ বনজ সম্পদ লুপ্ত হোৱাৰ উপৰি বাসস্থানৰ অভাৱত বহুতো প্ৰজাতিৰ চৰাই-চিৰিকটি বিলুপ্ত হোৱাটো চিন্তাৰ কাৰণ। আমি সদায় নিৰ্মমভাৱে ধ্বংস কৰি অহা বননি আমাৰ জীৱনৰ বাবে কিমান অপৰিহাৰ্য, সেয়া আমি কোনো দিনেই হৃদয়ংগম কৰা নাই। আমাৰ এনে দূৰদৃষ্টিহীন আৰু অবিবেকী কাৰ্যৰ বাবে আমাৰ মাজৰ পৰা অৰণ্যবোৰ নাইকিয়া হ'বলৈ ধৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে। কেৱল মাত্ৰ নিজৰ লাভালাভৰ বাবে মানুহে খেতিপথাৰ, কৃষিভূমিত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি মাটিৰ মৌল তথা গুণাগুণ কমাই পেলাইছে; কেৱল সভ্যতাৰ দাবী পূৰণৰ অৰ্থে উদ্যোগ স্থাপনৰ বাবে বনাঞ্চল ধ্বংস কৰি জীৱ-জন্তুৰ আৱাসভূমি সংকুচিত কৰি জল-স্থল উভয়ৰে জীৱ-জন্তুসমূহক বিলুপ্তিৰ পথলৈ ঠেলি দিছে। সম্ৰাট অশোকে বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ বাবে তাহানিতে অভয়াৰণ্য প্ৰতিষ্ঠা কৰিছিল আৰু ৰাস্তাৰ দাঁতিত গছ-গছনি ৰোপণ কৰিছিল। বৰ্তমান বন্যপ্ৰাণীৰ ওপৰত চলোৱা মানুহৰ শোষণে এক ভয়াৱহ অৱস্থা পাইছেহি। এনে অৱস্থাত বন্যপ্ৰাণীক নিৰাপত্তা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অশোকৰ দিনতকৈ আজি বেছি অনুভূত হৈছে। এনে উপলব্ধিৰ ফলত সম্প্ৰতি প্ৰায় বিশ্বৰ সকলো প্ৰান্ততে বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিছে। সৃষ্টিৰ আদিম পুৱাৰে পৰাই অলেখ প্ৰাণীৰ আবিৰ্ভাৱ হ'ল আৰু বহু প্ৰাণী ইতিমধ্যে কালৰ বুকুত বিলীন হৈ গ'ল। প্ৰাকৃতিক দুৰ্যোগ, প্ৰতিকূল পৰিৱেশ, খাদ্যাভাৱ, মানুহৰ অত্যাচাৰ আদিৰ লেখীয়া বিভিন্ন কাৰণত বহুতো প্ৰাণী ধৰাৰ বুকুৰ পৰা নাইকিয়া হৈছে।

জৈৱ বৈচিত্ৰৰ ওপৰত পৰা প্ৰতিকূল প্ৰভাৱৰ সমস্যাটোৰ প্ৰতি মানুহৰ মাজত আজিকালি সজাগতা বৃদ্ধি পাইছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সম্পৰ্কে কেইবাখনো চুক্তিও সম্পাদিত হৈছে। ১৯৯২ চনত ভেনেজুৱেলাত অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত এলেকা সম্পৰ্কীয় বিশ্ব কংগ্ৰেছৰ মতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে পৃথিৱীৰ মুঠ মাটিকালিৰ শতকৰা দহভাগ সংৰক্ষিত কৰি ৰখা উচিত।

ইয়াৰ উপৰিও পৃথিৱীৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা চিৰিয়াখানাবোৰতো বিলুপ্তপ্ৰায় নানা প্ৰজাতি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনকি পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা সম্পূৰ্ণ বিলুপ্ত হৈ যোৱা কিছুমান প্ৰাণীও কোনো কোনো চিৰিয়াখানাত দেখা যায়।

পৰিবেশৰ ওপৰত হোৱা বৰ্ধিত ধ্বংসৰ প্ৰতি লক্ষ্য ৰাখি পৰিবেশ সুৰক্ষা তথা প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, অসম নিম্নোক্ত আইন আৰু নিয়মসমূহৰ দ্বাৰা পৰিচালিত হৈ আহিছে :

  1. জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন,১৯৭৪| জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন,১৯৭৪ ৰ অন্তৰ্গত নিৰ্দ্দেষণা (অসম নীতি -১৯৭৭ )
  2. জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ)সংশোধনী আইন , ১৯৭৮ ৷
  3. জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ)সংশোধনী আইন , ১৯৮৮
  4. বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন,১৯৮১ ৰ অন্তৰ্ভুক্ত বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) অসম নীতি -১৯৯১ ।
  5. বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) সংশোধনী আইন , ১৯৮৭ ৷
  6. পৰিৱেশ সুৰক্ষা নীতি, ১৯৮৬ (২০০০)
  7. ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি , ২০১৬ ৷
  8. ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ উৎপান ,সংৰক্ষণ আৰু আমদানি নীতি ,১৯৮৯ আৰু ইয়াৰ সংশোধন
  9. ক্ষতিকাৰক মাইক্র'-অৰগেনিজম জেনেটিকেলি ইঞ্জিনিয়াৰ্ড অৰগেনিজম বা কোষৰ উৎপাদন ,ব্যৱহাৰ , আমদানি ,ৰপ্তানি আৰু সংৰক্ষণ নীতি , ১৯৮৯ ৷
  10. ৰসায়নিক দূৰ্ঘটনা (জৰুৰীকালিন পৰিকল্পনা, সজাগতা আৰু প্রতিক্রিয়া ) নীতি, ১৯৮৬ ৷
  11. বায়' মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা নীতি , ২০১৬ ৷
  12. কঠিন আৱৰ্জনা ব্যৱস্থাপনা নীতি , ২০১৬ ৷
  13. প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি , ২০১৬ ৷
  14. শব্দ প্ৰদূষণ (নিৰ্দ্দেষণা আৰু নিয়ন্ত্ৰণ) নীতি , ২০০০ ৷
  15. বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি , ২০০১ ৷
  16. অ'জন হ্রাসকাৰী পদাৰ্থ (নিয়ন্ত্ৰণ)নীতি , ২০০০ ৷
  17. পৰিৱেশ প্রভাৱ মূল্যাংকন অধিসূচনা ২০০৬ ৷
  18. জনসাধাৰণৰ দায়িত্ব বীমা আইন, ১৯৯১।

অসমত ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

অসমতো বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছেঃ

  1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
  2. মানস ৰাষ্ট্ৰীয় উদ্যান
  3. ওৰাং ৰাষ্ট্ৰীয় উদ্যান
  4. নামেৰী ৰাষ্ট্ৰীয় উদ্যান
  5. ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

অসমত থকা কেইখনমান অভয়াৰণ্য তলৰ তালিকাত উল্লেখ কৰা হ'লঃ

অভয়াৰণ্যৰ নাম, জিলা, অভয়াৰণ্য থকা প্ৰধান জন্তু

  1. গিবন অভয়াৰণ্য
  2. গৰমপানী অভয়াৰণ্য
  3. পদুমণি ভেৰজান বৰজান অভয়াৰণ্য
  4. লাওখোৱা অভয়াৰণ্য
  5. পবিতৰা অভয়াৰণ্য
  6. চক্ৰশিলা অভয়াৰণ্য
  7. কচুগাঁও গুমা ৰিজাৰ্ভ অভয়াৰণ্য
  8. বুঢ়াচাপৰি ৰিজাৰ্ভ অভয়াৰণ্য
  9. নামবৰ অভয়াৰণ্য
  10. বৰনদী অভয়াৰণ্য
  11. সোণাই-ৰূপাই অভয়াৰণ্য
  12. গৰমপানী অভয়াৰণ্য
  13. পাভ অভয়াৰণ্য
  14. দীপৰ বিল পক্ষী উদ্যান
  15. বৰদৈপাম বিলমুখ পক্ষী উদ্যান
  16. পানীদিহিং পক্ষী উদ্যান

ব্যক্তিগতভাৱে পৰিবেশ সংৰক্ষণৰ কথা কবলৈ গলে আমি নাম লব লাগিব ভাৰতৰ অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী মাধৱ পায়েঙ দেৱৰ নাম। একাণপতীয়া প্ৰচেষ্টাৰে তেখেতে নিজস্বভাৱে এখন অটব্য কাঠনিবাৰী গঢ়ি তুলিলে, যিখন "মোলাই কাঠনিবাৰী" নামেৰে প্ৰসিদ্ধ।

শেহতীয়াভাৱে দিহিং-পাটকাই অভয়াৰণ্যখন ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ বাবে অসম চৰকাৰৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে পবা বৰ্ষাৰণ্য খন অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ বাবে পৰা বৰ্ষাৰণ্য সংৰক্ষণ নামৰ বেচৰকাৰী সংস্থাই দাবী উত্থাপন কৰি আহিছে।

আনহাতে, গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিবেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিমল হুজুৰী নামৰ বাক্সা জিলাৰ তামুলপুৰৰ এজন উদীয়মান অভিযন্তাই চাইকেলেৰে অসমৰ পৰা সুদূৰ ঝাৰখণ্ডলৈ যাত্ৰা আৰম্ভ কৰিছে।

সম্প্ৰতি অসমৰ জনসাধাৰণ বিশেষকৈ প্ৰকৃতি আৰু বন্যপ্ৰাণীপ্ৰেমী সংগঠনসমূহে বনভূমি আৰু বনজ সম্পদৰাজি সংৰক্ষণৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। চৰকাৰে গ্ৰহণ কৰা বননীতিৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰাকৃতিক ভাৰসাম্য অটুট ৰাখি বনাঞ্চলৰ লগতে আমাৰ অতি চহকী জীৱ বিচিত্ৰ সংৰক্ষণ কৰা। ৰাজ্য চৰকাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গতিশীল নেতৃত্ব আৰু বনমন্ত্ৰীৰ উদ্যোগত অসমত বিনন্দীয়া বনজ সম্পদৰাজি আৰু বিতোপন প্ৰাকৃতিক সৌন্দৰ্যৰাজি সমৃদ্ধ এখন সেউজীয়া অসম গঢ়াৰ যি প্ৰয়াস কৰিছে, সিয়ে বন মহোৎসৱ সপ্তাহৰূপে অভিহিত কৰি উদযাপনৰ আঁচনি লৈ সপ্তাহটোৰ আৰু তাৰ পিছৰে পৰা পৰ্যাপ্ত পৰিমাণৰ বৃক্ষ ৰোপণৰ চৰকাৰী আৰু ৰাজহুৱা কাৰ্যসূচী হাতত লৈছে। ১৯৫০ চনৰ পৰা ভাৰতত বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ উদ্দেশ্য 'বন মহোৎসৱ' কাৰ্যসূচীক এটি উৎসৱৰ ৰূপ দান কৰি সফলতাৰে পালন কৰি অহা হৈছে। "একবিংশ শতিকাৰ মানৱ সমাজলৈ অহা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে প্ৰদূষণ। প্ৰদূষণৰ লগত মোকাবিলা কৰিবলৈ হ'লে আমি অসমৰ বুকুত সেউজীয়া বাতাবৰণ গঢ় দিব লাগিব এই উদ্দেশ্য আগত ৰাখিয়ে ৬৮ সংখ্যক বন মহোৎসৱ সপ্তাহ উপলক্ষে কলিয়াবৰ তিনিআলিৰ পৰা বোকাখাত-নুমলীগড়লৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দুয়োকাষে গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছে"....যোৱা ২ জুলাইত কলিয়াবৰত ৬৮ সংখ্যক বন মহোৎসৱ সপ্তাহ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে মন্তব্য কৰে। সম্প্ৰতি মানুহে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে। বন মহোৎসৱৰ লগত সংগতি ৰাখি চৰকাৰে ন ন বনাঞ্চল সৃষ্টিৰ বাবে নানা উদ্যোগ গ্ৰহণ কৰিছে। বন্যপ্ৰাণী আৰু বনজ সম্পদ সংৰক্ষণৰ বাবে এক জনজাগৰণৰ বৰ প্ৰয়োজন হৈছে। চৰকাৰে বৰ্তমান বিভিন্ন চৰকাৰী প্ৰচাৰ মাধ্যমৰ জৰিয়তে বন সংৰক্ষণ সম্পৰ্কে জনসাধাৰণক সচেতন কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী-বেচৰকাৰী উদ্যোগত বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ এক নতুন অধ্যায় ৰচনা হৈছে। মানৱ জাতি আৰু সমগ্ৰ জীৱকূলৰ নিৰাপত্তাৰ বাবেই আজি প্ৰয়োজন হৈ পৰিছে বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰাকৃতিক ভাৰসাম্য ওভোতাই আনিবই লাগিব। সেয়ে বৃক্ষৰোপণৰ কাৰ্যসূচী আধুনিক মানুহৰ জীৱনৰ এক প্ৰাণৱন্ত উৎসৱ। মানুহৰ বৌদ্ধিক বিচক্ষণ আৰু কুশলী হাতৰ পৰশত ৰাজস্থানৰ দৰে মৰুৰ বুকুত সেউজীয়া শস্যই আজি হাঁহিছে। মানুহৰ স্বাৰ্থতেই, মানুহৰ কল্যাণৰ বাবেই অৰণ্যৰ ৰক্ষণাবেক্ষণ আৰু নতুন নতুন অৰণ্য সৃষ্টি আজি একান্ত প্ৰয়োজন, সচেতনতাৰ যথেষ্ট প্ৰয়োজন।

এই সচেতনতা সৰু-বৰ প্ৰত্যেকজন নাগৰিকৰে, প্ৰতিজন পৃথিৱীবাসীৰে আকৰ হোৱাটো উচিত। উত্তৰ পুৰুষক এখন যোগ্য-ভোগ্য বসুন্ধৰা দি যোৱাৰ অজুহাতেৰে; বহাগৰ বুকুত সেউজীয়াই ছানি ধৰাৰ হেপাঁহেৰে, কবিতা পাঠৰ বেলিকা সোণত সুৱগা চৰাকৈ বৰষাৰ ঋতুৰ প্ৰাণৱন্ত পৰিৱৰ্তন হোৱাৰ কামনাৰে; পক্ষীৰ কলৰৱত প্ৰতিটো ৰাতিপুৱা মুখৰ হোৱাৰ আশাৰে প্ৰকৃতিৰ সংৰক্ষণৰ মানসিকতা প্ৰত্যেকজন মানুহৰ মাজত জাগ্ৰত হৈ উঠক।