চুইটি মাহীৰ চিঠি

চুইটি বেজবৰুৱা জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ

মৰমৰ অকনিহত

আশাকৰো সকলো কুশলে আছা । নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ । নতুন বছৰৰ পৰিকল্পনা কি তোমালোকৰ মোলৈ লিখি পঠিয়াবলৈ নাপাহৰিবা ।

আজি মই তোমালোকক তোমালোকৰ পিতৃ -মাতৃয়ে শৈশৱ কালত কেনেকৈ নৱবৰ্ষৰ শুভেচ্ছা প্ৰেৰণ কৰিছিল জনাব খুজিছোঁ । তেখেত সকলে চিঠি লিখি , টেলিগ্ৰাম যোগে আৰু শুভেচ্ছা পত্ৰ বা গ্ৰীটিংছ কাৰ্ডৰ যোগেদি শুভেচ্ছা বাণী প্ৰেৰণ কৰিছিল। এই গ্ৰীটিংছ কাৰ্ডসমূহ তোমালোকে দেখা পাইছানে ? ১৫শ শতিকাত প্ৰথম ইজিপ্ত আৰু চীন দেশে এই হাতে বনোৱা কাগজত নতুন বছৰৰ শুভেচ্ছা লিখি মৰমৰ জনলৈ প্ৰেৰণ কৰিছিল। এই আৰ্হিকে অনুসৰণ আন আন দেশটো গ্ৰীটিংছ কাৰ্ডৰ প্ৰচলন আৰম্ভ হয় । তোমালোকেও তোমালোকৰ পৰিয়ালৰ সদস্য সকলৰ বাবে , শিক্ষাগুৰু সকলৰ বাবে বা বন্ধু বান্ধৱীৰ বাবে নিজাকৈ গ্ৰীটিংছ কাৰ্ড প্ৰস্তুত কৰি বিভিন্ন উৎসৱৰ বাবে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব পাৰা । সুন্দৰ নক্সাৰে প্ৰস্তুত কৰা গ্ৰীটিংছ কাৰ্ড সমূহ বৰ আকৰ্ষণীয় হয় । মৰমৰ চিন এই কার্ডসমূহত নিজৰ মনৰ ভাব সুন্দৰকৈ প্ৰকাশ কৰি গোট গোট আখৰেৰে লিখিবলৈ চেষ্টা কৰিবা । তোমালোকৰ সৃজনশীল প্ৰতিভা বিকাশৰ এক মাধ্যম হৈ পৰিব এই গ্ৰীটিংছ কাৰ্ড সমূহ । শিক্ষক দিৱস , শিশু দিৱস , স্বাধীনতা দিৱস , বৰদিন , নৱবৰ্ষ আদি উৎসৱৰ শুভেচ্ছা প্ৰেৰণৰ বাবে গ্ৰীটিংছ কাৰ্ড এক উত্তম আহিলা । সকলোকে গ্ৰীটিংছ কাৰ্ড বনাই মৰমৰ জনলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ । পুনৰ সকলোকে জনাব খোজো -এইয়া গ্ৰন্থৰ বতৰ । সকলোৱে গ্ৰন্থমেলালৈ যাবাহক আৰু মনৰ পছন্দৰ কিতাপ কিনি পঢ়িবা । তোমালোক সকলোলৈ মৰম যাছিলোঁ । নেদেখাজনে তোমালোক সকলোৰে লগতে তোমালোকৰ পৰিয়ালক সুখেৰে ৰাখক । তাকেই কামনা কৰিলোঁ ।

ইতি

চুইটি মাহী

দুৰসংযোগ নম্বৰ ৭০০২২১০৮৪২