শৈশৱ, শিশু আলোচনী আৰু কিছু অনুভৱঃ

ভাগ্যশ্ৰী শৰ্মা ডি. এল. এড , তৃতীয় ষান্মাসিক, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

 

_"Every Child is an Artist the problem is how to Remain an Artist once he grows up "_
                    _- Pablo Picasso_
           
          শৈশৱৰ বাটেৰে উভতি গৈ যেতিয়া নিজক গাঁওৰ নিৰ্ভেজাল ধূলিয়ৰি বাটটোৰ মাজত উভতাই পাওঁ এক সাংঘাটিক ভাললগাই খেদি ফুৰে। শৈশৱ শব্দটোৰ মাদকতা ইমানেই বেছি যে নষ্টালজীয়াই বহুপৰ বেঢ়ি ৰাখে আমাক। শৈশৱৰ ৰঙীন পৃথিৱীখনে মনবোৰ আজিও পোহৰাই তোলে। সেই সময়ছোৱা আছিল : বুঢ়ীআইৰ সাধু, ককাদেউতা আৰু নাতিল'ৰা, বীৰবলৰ সাধু আৰু আইতাৰ মুখেৰে শুনা বাস্তৱ-অবাস্তৱৰ মাজৰ এখন সৰল পৃথিৱীৰ আৰু আমাৰ সেই মনোজগতত ৰং ঢালিছিল শিশু আলোচনীয়ে। সাধুকথাৰ জগতত বিচৰণ কৰিয়েই আমি শৈশৱত মানিক বুটলিছিলো। বিদ্যালয়ৰ পানী খোৱা ছুটীৰ সময়ত লগে ভাগে গৈ শিলিখা, আমলখি বিচাৰিছিলো। উদং পথাৰত চিলা উৰুৱাই ফুৰিছিলো। সমনীয়াৰ লগত সাধুকথা শুনিবলৈ আইতাক আমনি কৰিছিলো। সাঁথৰ সোধা, শব্দৰ খেল খেলা, লুকা- ভাকু, জপিওৱা, দৌৰা কত কিমান খেলত যে ব্যস্ত আছিলো আমি। আজিৰ পৃথিৱীত এই ৰঙেই বা ক'ত!!  ৰঙীন ফ্ৰক পিন্ধি পখিলা হৈ পূজা চোৱা, ওমলা ঘৰৰ পদ্যবোৰ আওৰাই নিজেও পদ্য লিখিবলৈ যত্ন কৰা সময়বোৰ আজিও বৰ মনত পৰে।
' শিশু আলোচনী '- শিশুৰ মনোজগতত ভিন্ন ৰং ছটিয়াই শিশুমন সৃষ্টিশীল কৰি তোলাৰ উদ্দেশ্যৰে ছপা কৰি তোলা এখন হাতপুথি। সহজ কথাত ই শৈশৱৰ, কৈশোৰৰ বিশ্বস্ত লগৰী। শিশু আলোচনী বুলিলেই সহজে মনলৈ অহা নামকেইটাই হ'ল- 'সফুৰা', 'বিজ্ঞান জেউতি', ' মৌচাক' আদি। এই পুথিসমূহে আমাৰ শৈশৱকালীন সময়বোৰত সোণত সুৱগা চৰাইছিল। ইয়াৰ মাজত থকা গল্প, কবিতা আৰু জ্ঞান-বিজ্ঞানৰ ৰহস্যময় কথাবোৰে সময়বোৰ অধিক ৰোমাঞ্চকৰ আৰু অপৰিসীম আনন্দৰে পৰিপূৰ্ণ কৰি তুলিছিল। ইয়াৰ অন্তৰ্ভাগত সোমাই থকা নজনা কথাৰ জগতখনে আমাৰ মনবোৰ পুলকিত কৰি ৰাখিছিল।

             কিন্তু আজিৰ সময় পূৰ্বতকৈ বহু পৃথক। সময়ৰ অগ্ৰগতিৰ লগে লগে আমাৰ ল'ৰালিৰ মাধুৰ্যময় সময়বোৰ যেন কৰবাত হেৰাই থাকিল। অৱশ্যে সেয়া তেনেই স্বাভাৱিক আৰু কিছু পৰিমাণে এক প্ৰাসংগিক বিষয়। শৈশৱৰ সময়ছোৱাত  আমাক বিশেষভাৱে প্ৰভাৱান্বিত কৰি ৰখা কাৰকটোৱেই আছিল ' শিশু আলোচনী ' । বৰষুণৰ বতৰত খিৰিকীৰ কাষত বহি আলোচনীৰ পাত লুটিয়াই ফুৰাৰো এক বিশেষ মাদকতা আছিল । আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়তেই শ্ৰদ্ধাৰ শিক্ষাগুৰু এজনাই ছন্দ মিলাই পদ্য লিখিব শিকাইছিল। তাৰেই আঁত ধৰি কিমান যে পদ্য লিখিব যত্ন কৰিছিলো! পদ্যবোৰ লিখি শিশু আলোচনীলৈ পঠিওৱা আৰু সেই পদ্য প্ৰকাশ হৈছেনে চাবলৈ পিছৰ সংখ্যাটোলৈ বাট চোৱা ক্ষনবোৰ আজিও বৰ মনত পৰে। আজিৰ সময়ৰ শিশুৰ মাজত সেই আগ্ৰহ, উৎকণ্ঠাবোৰ বৰ কমেইহে চকুত পৰে। ভাৰ্চুৱেল জগতখনত সোমাই থকা পিতৃ - মাতৃ সকলৰ শিশুসকলৰ হাতত শিশু আলোচনী এখন তুলি দিবলৈ সময় থাকেইনে নাথাকে সেয়াও বিচাৰ্যৰ বিষয় । আমাৰ সময়বোৰ পৃথক আছিল। তাত যদিওবা এন্ড্ৰইড মোবাইল, ভিডিও গেমৰ পয়োভৰ নাছিল; সেই জগতখন সাহিত্যৰ ৰসেৰে জীপাল, ৰসৰাজৰ হাঁহিৰ টোপোলাটি মন গ'লেই খুলিব পৰাকৈ সুন্দৰ আৰু হেঁপাহ পলুৱাই খেলিব পৰাকৈ মুকলি আছিল।
এয়া যান্ত্ৰিক যুগ অথবা এই সময়েই যান্ত্ৰিকতাৰ সময় । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ লগে লগে বৰ্তমান সমাজ ব্যৱস্থাৰ এক এৰাব নোৱাৰা বিষয় হৈ পৰিছে ইন্টাৰনেট। সমাজখনক এখন নেদেখা জালত আৱদ্ধ কৰি মানৱ জীৱনক সাংঘাটিকভাৱে প্ৰভাৱান্বিত কৰা এই ভাৰ্চুৱেল জগতখনত মানু্হো ক'ৰবাত একো একোটা ৰ'ৱট হৈ পৰিছে।মানুহৰ প্ৰতিটো কৰ্ম,প্ৰতিটো চিন্তা এটা যন্ত্ৰৰ হাতোৰাত বন্দী হৈ পৰিছে। ই সমাজখন এনেভাৱে গ্ৰাস কৰি গৈ আছে যে প্ৰতিজন মানু্হেই কম বেছি পৰিমাণে মোবাইল আসক্তিত ভুগিছে। বিশেষকৈ শিশুৰ ওপৰত ইয়াৰ কু- প্ৰভাৱ লক্ষণীয়। তথাপিও ইয়াৰ মাজতেই অলেখ ভাল কাম, অনেক ভাল মানুহৰ সৃষ্টি হৈছে। সময়ৰ গতিশীলতাই মানুহক মানু্হ হৈ থাকিবলৈ যি প্ৰত্যাহ্বান জনাইছে তাক নেওচি আগবাঢ়িবলৈ আমাক আজিও গ্ৰন্থ, আলোচনী, বাতৰি কাকত অথবা ছপা মাধ্যমৰ আন সম্পদৰ প্ৰয়োজন। কৰ্মব্যস্ত এগৰাকী মাতৃয়ে নিজ সন্তানটিৰ হাতত তুলি দিয়া মোবাইলটোতকৈ শিশু উপযোগী এখন ৰঙীন কিতাপৰ মূল্য হেজাৰ গুনেই বেছি। সমাজত মানৱ সম্পদ সৃষ্টিৰ বাবে কিতাপ এখনে যি অৱদান যোগায় তাৰ তুলনা আন একোৰেই কৰাটো সম্ভৱ নহয় । এই ক্ষেত্ৰত ডায়েট, কামৰূপৰ দ্বাৰা গ্ৰহণ কৰা এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰিব পাৰি। *MISSION SILVERFISH :* *A Reading Enhancement Initiative* নামেৰে ডায়েট, কামৰূপে কিতাপ পঢ়াৰ ক্ষেত্ৰত যি জাগৰণৰ সৃষ্টি কৰিছে ই সঁচাই প্ৰশংসনীয়। গ্ৰন্থ অধ্যয়নৰ প্ৰতি মনলৈ অহা অনিহা ভাৱ আঁতৰাই শেহতীয়াকৈ পঢ়া কিতাপখনৰ চৰ্চাৰ এক সুযোগ দি ছাত্ৰ সমাজত কিতাপ পঢ়াৰ আন্দোলন গঢ় দিবলৈ এক যাত্ৰা আৰম্ভ কৰা হৈছে। ই গ্ৰন্থ অধ্যয়নৰ প্ৰতি এক যোগাত্মক ইংগিত বহন কৰে।
আজিৰ সময়তো যথেষ্ট সংখ্যক শিশু আলোচনী প্ৰকাশ হৈ আছে। ' বাৰ- ওঠৰ' ' ইয়াৰ এক বিশিষ্ট উদাহৰণ। সময় সাপেক্ষ অনেক জ্ঞানৰ ভঁৰাল এই আলোচনীসমূহ আমাৰ সমাজৰ বাবেও হিতকাৰী। যান্ত্ৰিক পৃথিৱীখনৰপৰা শিশুক আঁতৰাই আনি সুন্দৰ মনোজগতৰ অধিকাৰী কৰিবৰ বাবে প্ৰতিজন অভিভাৱক, সমাজ সচেতন লোকে চেষ্টা কৰা উচিত। অথচ ইণ্টাৰনেট মেনিয়াই যে মানুহক ৰবটিক জীৱত পৰিণত কৰিব ই সহজে অনুমেয়।গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা প্ৰযুক্তিৰ এই পৃথিৱীতো পূৰ্বৰ সমানেই আছে। বিজ্ঞানৰ এই ঊৰ্ধমুখী যাত্ৰাৰ সময়ত ইণ্টাৰনেট, কম্পিউটাৰ অথবা মোবাইলৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি কিন্তু এখন সুস্থ সমাজ গঢ়াৰ বাবে শিশুক সৰ্বাংগীন বিকাশৰ সুযোগ দিয়াও সমানেই প্ৰয়োজনীয়।
শিশু আলোচনীয়ে বিভিন্ন দিশ সামৰি লয়। ইয়াত গল্প, কবিতা, চিত্ৰ, সাঁথৰ, মহৎ লোকৰ বাণীকে আদি কৰি শিশুৰ বাবে উপযোগী বিভিন্ন প্ৰৱন্ধও প্ৰকাশ কৰা হয়। ইয়াৰ উপৰিও ধাৰাবাহিকভাৱে প্ৰকাশিত লেখাসমূহেও শিশুৰ মন আকৰ্ষণ কৰে। ইয়াৰ উদাহৰণস্বৰূপে মণিকুন্তলা ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত "মাইনা মাহীৰ বিয়া" শীৰ্ষক এটা ধাৰাবাহিক লেখাৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ উপৰি ভবেন্দ্ৰনাথ শইকীয়াৰ "মৰমৰ দেউতা","শান্ত- শিষ্ট, হৃষ্ট- পুষ্ট, মহাদুষ্ট "ৰ কথাও উনুকিয়াব পাৰি। এই লেখাসমূহৰ আকৰ্ষণ ইমানেই বেছি যে এই লেখা পঢ়িবৰ বাবে শিশু মন উচপিচাই থাকে আৰু তেওঁলোকে আলোচনীখন পঢ়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ উপৰি পাঠ্যপুথিত দ্ৰুতপাঠ ৰূপে সন্নিৱিষ্ট হৈ থকা 
' প্ৰেৰণা ', ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ ' বৃন্দাবন ' আৰু  ' মুক্তি ' নামৰ গল্প দুটিৰ কথাও উল্লেখ কৰিব পাৰি। মানুহৰ জীৱনৰ বিভিন্ন দিশসমূহ শিশুৰ উপযোগী আৰু মনোগ্ৰাহীকৈ উপস্থাপন কৰাৰ ক্ষেত্ৰত ভবেন্দ্ৰনাথ শইকীয়াদেৱ সিদ্ধহস্ত আছিল। তেওঁৰ এই সৃষ্টিৰ অন্তৰালত যে শিশু মনোজগতৰ এক পৰিপক্ক অধ্যয়ন জড়িত হৈ আছে সেই কথা ন-দি ক'ব পৰা যায়।
               কভিডকালীন পৰিস্থিতিত শিশুসকলক ঘৰতেই আৱদ্ধ কৰি ৰাখিবলগীয়া হোৱা হেতুকে এই সময়চোৱাত আলোচনী অধ্যয়নৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। গণ মাধ্যমৰ জৰিয়তেও বিভিন্ন সময়ত শিশু- নাট, কবিতা পাঠ আদি প্ৰচাৰ কৰা দেখা যায়। ইও শিশুৰ বিকাশৰ এটা সুন্দৰ পদক্ষেপ । মইনা পাৰিজাত, চেমনীয়াৰ চৰা , অকণিৰ মেল আদি বিভিন্ন অনুষ্ঠানত শিশুৰ ব্যক্তিত্ব গঠন আৰু সুস্থ বিকাশৰ এক আনন্দময় পৰিৱেশ গঢ় দিয়া হয়। গতিকে এটা নিৰ্দিষ্ট পৰিসৰৰ মাজত শিশুক আৱদ্ধ কৰি নাৰাখি পৰিৱেশৰ নানা কথাৰে শিশু মন উজ্জীৱিত কৰাটোহে প্ৰকৃততে সকলোৰে লক্ষ্য হোৱা উচিত। এই ক্ষেত্ৰত বিদ্যালয়, শিক্ষক সমাজ আৰু অভিভাৱকৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্রতিখন বিদ্যালয়ত যদি *Mission Silverfish* ৰ দৰে পদক্ষেপ লোৱা হয় ই শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত যোগাত্মকতা কঢ়িয়াই আনিব।     
আজিৰ শিশুৰ ওপৰতেই ভৱিষ্যতৰ সমাজ নিৰ্ভৰশীল। গতিকে কুমাৰৰ মাটিৰ পাত্ৰটোৰ দৰেই আদৰেৰে গঢ় দিয়কচোন কণমানি সপোনবোৰক। ভাৰ্চুৱেল জীৱনটোৰ পৰা আতৰাই আনি বাস্তৱৰ নান্দনিক জগতখনৰ সৈতে পৰিচয় কৰাই দিয়কচোন আপোনাৰ শিশুটিক। সজাৰ পক্ষীৰ দৰে বন্দী কৰি নাৰাখি শিশুটিক ভাবিবলৈ শিকাওক । শিশুক সৃষ্টিশীল কামত নিয়োজিত কৰি ৰুচিবোধৰ বিকাশ কৰিবলৈ উদগনি যোগোৱাতহে  প্ৰকৃত শুভবোধ লুকাই থাকে। যোগাত্মক মানসিকতা গঢ়ি সুস্থ চিন্তাৰে সমাজখনত মানৱ সম্পদ হিচাপে থিয় হ'বলৈ সৃষ্টিশীলতা আৱশ্যকীয়। যন্ত্ৰ নহৈ মানৱৰূপে থিয় কৰাবৰ বাবে শিশু সাহিত্য উপযুক্ত মাধ্যম। জৱাহৰলাল নেহেৰুয়ে কৈছিল _"Children are the buds in a garden and  should be carefully and lovingly nurtured,as they are the future of the nation and the citizens of tomorrow . Only through right education can a better order of society be bulid up"_ গতিকে ঘৰৰ পৰাই সন্তানক উচিত শিক্ষাৰে আগবঢ়াই নিবলৈ সকলোৱে যত্ন কৰক তেহে সমাজখন সুন্দৰভাৱে বিকশাই তোলাটো সম্ভৱ হৈ উঠিব।

childhood1 childhood2