এখন জনজাতীয় গাঁও

ৰশ্মিতা হীৰা নৱম শ্ৰেণী শৰাইঘাট হাইস্কুল, আমিনগাঁও

 

যেতিয়া মই পঞ্চম শ্ৰেণীত পঢ়ি আছিলো, আমাৰ গাঁৱৰ ওচৰৰ আন এখন গাঁৱলৈ ফুৰিবলৈ গৈছিলো। গাঁওখনৰ নাম আমিনগাঁও বামুণিগাঁও। সময় আবেলি ৪ বজাত মাঁৰ লগত খোজকাঢ়ি গৈছিলো। তাত মই বড়ো, কছাৰী লোক দেখিছিলো। পাহাৰৰ নামনিৰ পৰা ওপৰলৈ খেৰিঘৰ, টিংঘৰ আৰু কেইটামান অট্টালিকাও দেখিলো। পাহাৰৰ প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰ দেখি মই বৰ আচৰিত হৈছিলো। ঘৰে ঘৰে তামোল, নাৰিকল, পাচলি শস্য লগাইছে। কোনোবাই খৰি কাটি আছে, কোনোবাই গৰু, ছাগলী, হাঁহ , কুকুৰা আৰু গাহৰি লৈ ব্যস্ত আছে। এজাক মাছমৰীয়া কছাৰী মহিলা মোৰ ওচৰেৰে পাৰ হৈ গ'ল।   ডাঙৰ ডাঙৰ গাহৰিবোৰৰ পিছে পিছে পোৱালীবোৰ দৌৰি আছে তাকে দেখি মই বৰ আনন্দ পাইছিলো। হঠাৎ এটা ডাঙৰ গোৰ-গোৰণি শব্দ শুনিছিলো। মই বৰ ভয় খাইছিলো। যেনিবা বাঘৰ গোৰ-গোৰণি। মাঁয়ে মোক কলে ভয় খাব নালাগে, গাহৰিৰ পোৱালীবোৰক সিহঁতৰ মাকে ঘৰলৈ যাবলৈ ইংগিত দিছে। তাত এখন প্ৰাথমিক বিদ্যালয় দেখিলো। মোৰ বৰ ভাল লাগিল। সন্ধিয়া হ'ল, ঘৰে ঘৰে মানুহে চোতালত জুই জ্বলাইছে। মই উভতি অহা পথৰ কাষেৰে অন্য এটা পথ দেখিলো। জানিব পাৰিছো যে, সেই পথটো পাহাৰৰ কাষেৰে গৈ হাজো পথত সংযোগ হৈছে। মানুহবোৰে বাথৌ মন্দিৰত প্ৰাৰ্থনা কৰিছে, ময়ো এবাৰ প্ৰণাম কৰিলো। প্ৰায় ৬-৩০ বজাত ভালে ভালে ঘৰ পালোহি । কিছুসময় জিৰণি লওঁ।
শেষত মই কব বিচাৰো যে বামুণিগাঁও এখন উন্নত জনজাতীয় গাঁও হৈ গঢ়ি উঠিছে।

--------